Home অসম অসমীয়া নচলিব বুলি কোৱাসকলক অসমৰ পৰাই বহিষ্কাৰ কৰিব লাগে: পলাশ চাংমাই

অসমীয়া নচলিব বুলি কোৱাসকলক অসমৰ পৰাই বহিষ্কাৰ কৰিব লাগে: পলাশ চাংমাই

229
0

গণ বাৰ্তা, চৰাইদেউ, ২৬ নৱেম্বৰ ঃ বৰাক উপত্যকাত অসমীয়া ভাষা নচলিব বুলি প্ৰদীপ দত্ত ৰয় নামৰ বহু বিতৰ্কিত এজন ব্যক্তিয়ে হুংকাৰ প্ৰদান কৰাৰ পাছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইসন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই অসমত থাকি অসমীয়া ভাষাৰ বিৰুদ্ধে মন্তব্য কৰা লোকসকলক সমাজৰ পৰা এঘৰীয়া কৰাৰ লগতে পাৰিলে অসমৰ পৰাই বাহিৰ কৰি দিব লাগে বুলি মন্তব্য কৰিছে। অসমতে থাকি অসমীয়া ভাষা নচলিব বুলি কোৱা ব্যক্তিসকল কেৱল অসমীয়াবিদ্বেষীয়েই নহয়, তেওঁলোক অসম বিদ্বেষীও বুলি মন্তব্য কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

বৰাকৰ বহু বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয়ে অসমীয়া ভাষাবিদ্বেষী মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত এই মন্তব্য কৰি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, ‘অসমৰ ৰাজ্যভাষা অসমীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাত অসমীয়া ভাষা চলিব। ঠাইবিশেষে অসমীয়া ভাষাৰ লগতে স্থানীয় ভাষা ব্যৱহাৰ হ’লেও আপত্তি নাই। কিন্তু তাৰ বিপৰীতে বৰাকত অসমীয়া ভাষা নচলিব বুলি কোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।’ আনহাতে, অসম আৰু অসমীয়া সন্দৰ্ভত বাৰে বাৰে উদ্ভট মন্তব্য প্ৰদান কৰা প্ৰদীপ দত্ত ৰয়ৰ দৰে তথাকথিত নেতাৰ বিৰুদ্ধে চৰকাৰে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আশ্চৰ্য প্ৰকাশ কৰি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে অতিশীঘ্ৰে অসমীয়া বিদ্বেষী মন্তব্য প্ৰকাশ কৰা লোকসকলক নাকী লগাবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here