Home Main Stories গেলাহাটিঙা চাহ বাগিচাত পঞ্চায়তৰ উদ্যোত ক’ৰণা সজাগতা : চাহ শ্ৰমিকক বিনামূলীয়া...

গেলাহাটিঙা চাহ বাগিচাত পঞ্চায়তৰ উদ্যোত ক’ৰণা সজাগতা : চাহ শ্ৰমিকক বিনামূলীয়া মাস্ক আৰু চেনিটাইজাৰ বিতৰণ

46
0

গণ বাৰ্তা, ইটাখোলা, ২১ মেঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ গাওঁ আৰু চহৰৰ উপৰিও বাগিচা অঞ্চলতো ক’ভিডে কালৰূপ ধাৰণ কৰাৰ ওপৰত লক্ষ্য ৰাখি অবিভক্ত শোণিতপুৰ জিলাৰ গেলাহাটিঙা চাহ বাগিচাত পূৱমূঢ়াদল গাঁও পঞ্চায়তৰ উদ্যোগত ক’ৰণা সজাগতাৰ কাৰ্যসূচী হাতত লয়। পূৱমূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতা আৰু আঞ্চলিক সদস্য আকাশ তচাৰ নেতৃত্বত লোৱা সজাগতা কাৰ্যসূচীত পুৱা বেলাই বাগিচাখনৰ চাহ শ্ৰমিকসকৰ কৰ্মস্থানত উপস্থিত হৈ ক’ৰণাৰ দ্বিতীয়টো ঢৌৱে কেনেদৰে মানৱ সমাজৰ প্ৰত্যাহ্বান হৈ পৰিছে তাৰ ওপৰত সজাগ কৰে আৰু প্ৰত্যেককে একোটাকৈ মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰে। গেলাহাটিঙা চাহ বাগিচাৰ স্বাস্থ্য বিষয়া ভোলা হাজৰিকাই ক’ভিড প্ৰতিৰোধৰ বাবে স্বাস্থ্য সম্পৰ্কীয় লবলগীয়া সজাগতা সম্পৰ্কে জনায়। স্থানীয় আৰক্ষী বিষয়া শ্যামল নেওঁ‌গে ক’ভিড যুঁজৰ বিধি অনুসৰি প্ৰশাসনৰ লগত সহযোগিতাৰ কামনা কৰে ইয়াৰ উপৰিও বিশ্বনাথ জিলা আটছাৰ শিক্ষা ও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰ আৰু নদুৱাৰ শাখা আটছাৰ কাৰ্যনিৰ্বাহক সদস্য অৰুন গোৱালাই চাহ শ্ৰমিক সকলক মাস্ক পৰিধান,সামাজিক দূৰত্ব ৰক্ষ্যা আৰু চেনিটাইজেচন সম্পৰ্কে অৱগত কৰে। জিলাখনৰ কেইবাখনো চাহ বাগিচাত চাহ শ্ৰমিকসকল ক’ৰণাত সংক্ৰমিত হৈ হাহাকাৰৰ পৰিস্থিতি হোৱাত বৰ্তমান প্ৰতিটো বাগিচাতে স্থানীয় দল সংগঠনে চাহ শ্ৰমিকৰ মাজত সজাগতা সৃষ্টি কৰি অহাৰ মাজতে আজি পূৱমূঢ়াদল গাঁও পঞ্চায়ত খনে লোৱা সজাগতা কাৰ্যসূচীত বিশেষ ভাবে উপস্থিত থাকে বিজেপিৰ নদুৱাৰ মণ্ডল সভাপতি ভদ্ৰেশ্বৰ প্ৰজা অন্যতম সদস্য জ’ন তাঁ‌তি অংগনবাদী কৰ্মী ইন্দ্ৰা বৰাইক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here