Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মুক্তিৰ অপেক্ষাত পংকজ ত্ৰিপাঠীৰ ওএমজি-২

মুক্তিৰ অপেক্ষাত পংকজ ত্ৰিপাঠীৰ ওএমজি-২

127
0


মুম্বাই, ২৫ নৱেম্বৰ : অভিনেতা পংকজ ত্ৰিপাঠীয়ে কিছুদিন পূৰ্বে তেওঁৰ আহিবলগীয়া ছবি ‘ওএমজি ২’ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছে৷ অক্ষয় কুমাৰকো তেওঁৰ সৈতে ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব৷ এতিয়া খবৰ পোৱা গৈছে যে পংকজে শেহতীয়াকৈ ‘ওএমজি ২’ৰ পিছত পৰিচালক জিত মুখাৰ্জীৰ নতুন ছবি ‘শ্বেৰদিল’ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে৷ তেওঁক ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব৷ পংকজৰ উপৰিও ছবিখনত নীৰজ কাবি আৰু ছায়ানী গুপ্তাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে৷ চলচ্ছিত্ৰখন পিলিভিট টাইগাৰ ৰিজাৰ্ভৰ এটা সঁচা ঘটনাৰ ওপৰত আধাৰিত বুলি কোৱা হয় য’ত গাওঁবাসীয়ে প্ৰশাসনৰ পৰা ক্ষতিপূৰণ দাবী কৰিবলৈ তেওঁলোকৰ পৰিয়ালৰ বৃদ্ধ সদস্যসকলক বাঘৰ সন্মুখত মৃত্যুৰ বাবে এৰি দিছিল৷ পংকজক ছবিখনত এজন গাওঁ প্ৰধানৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব যিয়ে তেওঁৰ দৰিদ্ৰ পৰিয়ালক বচাবলৈ সহায় বিচাৰে৷ ছবিখন ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট আৰু টি-চিৰিজৰ দ্বাৰা সহ-প্ৰযোজনা কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here