Home অসম ঘোচ লৈ আৰক্ষীৰ জালত ৰাণী সামুহিক স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকা

ঘোচ লৈ আৰক্ষীৰ জালত ৰাণী সামুহিক স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকা

127
0


গণ বাৰ্তা, আজাৰা, ১১ জানুৱাৰী:দুৰ্নীতিমুক্ত অসম নে দুৰ্নীতিযুক্ত অসম৷ জীৱিত লোকৰ কথা বাদেই, মৃত লোকৰ প্ৰমাণ-পত্ৰৰ বাবেও দিব লগা হৈছে উৎকোচ৷ এই উৎকোচ সংগ্ৰহ কৰি থকা সময়ত ৰাজ্যত দুৰ্নীতি নিবাৰক শাখাই গোপন অভিযান চলাই বিভিন্ন বিষয়াক উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পেলাই আহিছে৷ এইবাৰ কামৰূপৰ ৰাণী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ গ্ৰাম্য স্বাস্থ্য নিৰীক্ষকে মৃত্যুৰ প্ৰমাণ-পত্ৰ দিয়াৰ বিনিময়ত ধন সংগ্ৰহ কৰি থকা সময়ত আজি দুপৰীয়া দুৰ্নীতি নিবাৰক শাখাৰ অভিযানৰ হাতত হাতে-লোটে ধৰা পৰিল৷ ঘটনা সন্দৰ্ভত ৰাণীৰ অৰূপ দাস নামৰ যুৱকজনে কেইদিনমান পূৰ্বে আত্মীয় লোকৰ মৃত্যুৰ প্ৰমাণ-পত্ৰৰ বাবে ৰাণী সামুহিক স্বাস্থ্য কেন্দ্ৰৰ গ্ৰাম্য স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকাৰ ওচৰত আবেদন জনাইছিল৷ তেতিয়া ডেকাই যুৱকজনক প্ৰমাণ-পত্ৰ দিয়াৰ বাবদ নগদ ৫,০০০ টকা দাবী কৰিছিল৷ পিছত যুৱকজনৰ পত্নীয়ে প্ৰথম অৱস্থাত ১,০০০ টকা দি যাৱতীয় কামখিনি আগবঢ়াবলৈ কৈছিল৷ তাৰ দুদিন পিছত যুৱক অৰূপ দাসে গ্ৰাম্য স্বাস্থ্য নিৰীক্ষক ডেকাক প্ৰমাণ- পত্ৰৰ কাম কিমান আইবাঢ়িছে বুলি সোধাত ডেকাই সম্পূৰ্ণ টকা দিলেহে কাম আগবাঢ়িব বুলি কয়৷ তেতিয়া আকৌ যুৱক দাসে স্বাস্থ্য নিৰীক্ষক ডেকাৰ হাতত ১,০০০ টকা দিয়ে যদিও প্ৰমাণ-পত্ৰৰ কাম আগবঢ়োৱা নাছিল৷ উপায়ান্তৰ হৈ অৰূপ দাসে দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰে৷ পিছত আজি দুপৰীয়া অৰূপ দাসে বাকী থকা ৩,০০০ টকা দি থকা অৱস্থাত গোপনে খাপ পিটি থকা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াই হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয়৷ গ্ৰাম্য স্বাস্থ্য নিৰীক্ষীক হিতেশ ডেকাৰ ধন লোৱা সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কোনো ধন দাবী কৰা নাই বুলি দায়সৰা মন্তব্য কৰে৷ ঘোচখোৰ স্বাস্থ্য নিৰীক্ষকগৰাকীৰ ঘৰ শুৱালকুছিৰ ৰাজগড়ত বুলি জানিব পৰা গৈছে৷ আনহাতে, স্বাস্থ্য নিৰীক্ষক হিতেশ ডেকাৰ লগতে একাংশই অভিযোগ দিছিল স্বাস্থ্য কেন্দ্ৰৰ দায়িত্বত থকা ৰূপা শইকীয়াৰ বিৰুদ্ধেও৷ কিন্তু এই সকলো অভিযোগ একমুখে খণ্ডন কৰে ৰাণী সামুহিক স্বাস্থ্য কেন্দ্ৰৰ দায়িত্বত থকা ৰূপা শইকীয়াই৷ দীৰ্ঘদিন ধৰি হিতেশ ডেকাই বিভিন্ন লোকক জন্ম-মৃত্যুৰ প্ৰমাণ-পত্ৰ দিয়াৰ নামত ওপৰ মহলত ধন দিব লাগে বুলি কৈ ৫ হাজাৰৰ পৰা ১০ হাজাৰ টকালৈকে সংগ্ৰহ কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ অৱশেষত আজি এশ গৰু মাৰিলে বাঘৰো মৰণ মিলাৰ দৰে দশা হ’ল স্বাস্ব্য নিৰীক্ষক বিষয়া হিতেশ ডেকাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here