Home Main Stories ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰূপায়ণৰ প্ৰেক্ষাপটত আয়োজিত উত্তৰ-পূব শিক্ষা সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ :...

ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰূপায়ণৰ প্ৰেক্ষাপটত আয়োজিত উত্তৰ-পূব শিক্ষা সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ : ৰাজ্যৰ ৫ মহাবিদ্যালয়ে পাব বিশ্ববিদ্যালয় মৰ্যদা

71
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ নৱেম্বৰ ঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজ্য চকাৰৰ শিক্ষা বিভাগ আৰু শংকৰদেৱ শিক্ষা আৰু গৱেষণা সংস্থাৰ দ্বাৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্ৰেক্ষাগৃহত আয়োজিত উত্তৰ-পূব শিক্ষা সন্মিলনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। ‘বিদ্যাধন্‌ সৰ্বধনাত্‌ প্ৰধানম্‌’ সংস্কৃত শ্লোক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বিশিষ্ট শিক্ষাবিদ ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ শিক্ষাৰ লক্ষ্য আৰু তাৎপৰ্যৰ ওপৰত আধাৰিত উক্তিৰ বৰ্ণনাৰে আৰম্ভ কৰা ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে এই সন্মিলনখনে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰূপায়ণৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰাৰ উপৰি ক্ষিপ্ৰ ৰূপায়ণৰ এক ৰূপৰেখাও প্ৰদান কৰিব। পৃথিৱীৰ বহু সভ্যতা কালৰ বুকুত বিলীন হৈ গৈছে যদিও ভাৰতীয় সনাতন সভ্যতাই যুগ যুগ ধৰি বিভিন্ন উপাদানেৰে সমৃদ্ধ হৈ এক বোৱঁতী নদীৰ দৰে চিৰপ্ৰবাহিত হৈ আছে। কিয়নো এই সভ্যতা জ্ঞান আৰু প্ৰজ্ঞাৰ ভেটিৰ ওপৰত আধাৰিত। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আমাৰ এই সভ্যতাৰ শৈক্ষিক ভেটিৰ ওপৰত প্ৰতিষ্ঠিত মূল বিষয়সমূহৰ সৈতে নতুন নতুন বৈজ্ঞানিক চিন্তা-চৰ্চা সন্নিবিষ্টকৰণেৰে যুগৰ লগত খাপ খোৱাকৈ প্ৰস্তুত কৰা হৈছে বুলি তেওঁ কয়। নতুন প্ৰজন্মই নিজৰ ইচ্ছা অনুসৰি তথা নিজৰ উদ্ভাৱনী শক্তিৰ জৰিয়তে নিজ নিজ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ দিশত এই শিক্ষা নীতিয়ে বিশেষভাৱে উদ্‌গনি যোগাব বুলিও তেওঁ কয়। ইয়াৰ জৰিয়তে ভাৰতবৰ্ষই আকৌ এবাৰ বিশ্বৰ বুকুত উজলি উঠিবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে।  ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে নতুন শিক্ষা নীতি ৰূপায়ণৰ দিশত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়েও আলোকপাত কৰে। এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে এই নীতি ৰূপায়ণৰ বাবে উচ্চ পৰ্যায়ৰ কমিটী গঠন, কেবিনেট সিদ্ধান্ত অনুসৰি ৰাজ্য শিক্ষা আয়োগ গঠনৰ জাননী জাৰি, আগন্তুক সময়ছোৱাত লখিমপুৰ, নগাঁও, যোৰহাটৰ জে বি মহাবিদ্যালয়, শিৱসাগৰ আৰু সন্দিকৈ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ মৰ্যাদা প্ৰদানৰ বাবে পদক্ষেপ ইত্যাদিৰ বিষয়ে উল্লেখ কৰে।             

বৰ্তমানৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক অসমৰ এগৰাকী প্ৰকৃত সুহৃদ বুলি উল্লেখ কৰি তেওঁৰ বলিষ্ঠ আৰু দিগ্‌দৰ্শী নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰূপায়ণৰ দিশত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নতুন শিক্ষা নীতিৰ বিভিন্ন দিশ বিশ্লেষণেৰে বক্তব্য আগবঢ়ায়। ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননীগোপাল মহন্তই আদৰণী ভাষণ প্ৰদান কৰা তথা ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়ে শলাগৰ শৰাই আগবঢ়োৱা এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, উত্তৰ প্ৰদেশৰ মিৰাটস্থিত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নৰেন্দ্ৰ কুমাৰ তানেজা, বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ, অধ্যাপক ডি পি সিঙেও নতুন শিক্ষা নীতিৰ বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ক্ৰমে— উৰ্খাও গৌৰা ব্ৰহ্ম, সঞ্জয় কিষাণ, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শিক্ষা মন্ত্ৰীসকল, শংকৰদেৱ শিক্ষা আৰু গৱেষণা সংস্থাৰ অধ্যক্ষ, অধ্যাপক ৰমানন্দ দাস, সচিব, অধ্যাপক অম্লানদীপ দাস, বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ অধ্যক্ষ, অংশীদাৰী শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ মুৰববী, শিক্ষাবিদ ইত্যাদিকে ধৰি গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here