Home Main Stories গুৱাহাটীৰ পাণ্ডুত নতুন জাহাজ মেৰামতি প্ৰকল্প স্থাপনৰ বাবে সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিত...

গুৱাহাটীৰ পাণ্ডুত নতুন জাহাজ মেৰামতি প্ৰকল্প স্থাপনৰ বাবে সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

363
0

জলপথৰ উপযুক্ত ব্যৱহাৰে অসমৰ বিকাশৰ গতি ত্বৰান্বিত কৰিব ঃ মুখ্যমন্ত্ৰী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ আগষ্ট : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাহ× আজি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমাৰ্গ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ প্ৰাধিকৰণ আৰু হুগলী কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ মাজত গুৱাহাটীৰ পাণ্ডুত নতুন জাহাজ মেৰামতি প্ৰকল্প স্থাপনৰ বাবে সম্পন্ন হোৱা এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘এক্ট হ×ষ্ট পলিচী’ৰ দৃষ্টিভংগীৰ অধীনত অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে এহ× সুবিধাহ× বৃহৎ মালবাহী জাহাজৰ চলাচলৰ সুবিধাৰ বাবে অঞ্চলটোৰ সৈতে বহিঃবিশ্বৰ জলপথৰ সংযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। আজি সম্পন্ন হোৱা বুজাবুজিৰ চুক্তি অনুসৰি এহ× প্ৰকল্পটোৰ আৰ্হি প্ৰস্তুত আৰু ৰূপায়ণ সৰ্বোত্তম মানসম্পন্ন হোৱাটো  সুনিশ্চিত কৰা হ’ব। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মাদ্ৰাজে প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় কাৰিকৰী সহযোগিতা  আগবঢ়াব। ‘শ্লিপৱে’ বুলি জনাজাত এহ× প্ৰকল্প অসম চৰকাৰে প্ৰদান কৰা ৩.৬৭ একৰ ভূমিত স্থাপন কৰা হ’ব আৰু ইয়াৰ কাম ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। প্ৰকল্পৰ আনুমানিক ব্যয় হ’ব প্ৰায় ৭৫ কোটি টকা। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসমৰ নদীসমূহত সম্প্ৰতি প্ৰায় ২০০খন জাহাজ চলাচল কৰি আছে। এহ× জাহাজসমূহৰ মেৰামতিৰ প্ৰয়োজন হ’লে কলকাতালৈ লৈ যাবলগীয়া হয়। কিন্তু পাণ্ডুত এই প্ৰকল্প সাজু হৈ উঠিলে এই খণ্ডটোৰ বাবে এক ডাঙৰ সকাহৰূপে বিবেচিত হ’ব, যি জাহাজমেৰামতিৰ সময় আৰু ধন দুয়োটাই ৰাহি কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ পথ, ৰে’লপথ, জলপথ, বায়ুপথ আৰু হ×ণ্টাৰনেট সংযোগৰ বিকাশৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। গুৱাহাটীৰ পাণ্ডুত শ্লিপৱে’ স্থাপনৰ সিদ্ধান্তৰ বাবে তথা¸ সেই স্থানত এটা অত্যাধুনিক সন্মিলন কেন্দ্ৰ নিৰ্মাণৰ ঘোষণা কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক ধন্যবাদ জ্ঞাপন কৰে। অসমত এখন সামুদ্ৰিক তথা জাহাজ পৰিবহণ প্ৰতিষ্ঠান স্থাপনৰ বাবেও তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক অনুৰোধ জনায়, যাতে সম্ভাৱনাময় এই খণ্ডটোৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদ সৃষ্টিৰ লগতে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰিব পৰা যায়। মুখ্যমন্ত্ৰীয়ে কয় যে অতীজৰে পৰা আমাৰ সভ্যতা নদীৰ দ্বাৰা সমৃদ্ধ হৈ আহিছে আৰু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমি আজি দেশৰ সমৃদ্ধি আৰু বিকাশৰ বাবে নদীসমূহত অন্তৰ্নিহিত শক্তি ব্যৱহাৰ কৰিছোঁ। বাংলাদেশৰ মংলা আৰু চিটাগং বন্দৰক ৰাজ্যখনৰ জলপথৰ সৈতে সংযুক্তকৰণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই পদক্ষেপে ৰাজ্যখনৰ বাবে বৈদেশিক বাণিজ্যৰ বিশাল সুযোগ মুকলি কৰিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্ট হ×ষ্ট পলিচী’ৰ জৰিয়তে উত্তৰ-পূবৰ বিকাশৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে। ‘বি বি আহ× এন’ আৰু ‘আছিয়ান’ ৰাষ্ট্ৰসমূহক এই নীতিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ কাষ চপাই অনা হৈছে বুলিও তেওঁ মন্তব্য কৰে।  পাণ্ডুত জাহাজ মেৰামতিৰ সুবিধাহ× অসমৰ অৰ্থনৈতিক আন্তঃগাঁথনিত এক গুৰুত্বপূৰ্ণ মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰি তেওঁ দৃঢ়তাৰে কয় যে নদীসমূহে অসম আৰু উত্তৰ-পূবৰ বিকাশত হ×ন্ধন যোগাব। অঞ্চলটোত যাতে উন্নয়নৰ লগতে আৰু নিয়োগৰ পৰ্যাপ্ত সুযোগ নিশ্চিত কৰিব পৰা যায়, তাৰ বাবে পৰ্যাপ্তসংখ্যক জলপথৰ উন্নয়ন সাধন কৰা হৈছে বুলিও তেওঁ কয়। স্বাধীনতাৰ পূৰ্বে ব্ৰিটিছে জলপথৰ জৰিয়তে অসমৰ কাঠ, কয়লা আদি সামগ্ৰী বিশ্বৰ অন্যান্য প্ৰান্তলৈ ৰপ্তানি কৰিছিল বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ জল পৰিবহণ খণ্ডলৈবৈপ্লৱিক পৰিৱৰ্তন অনাৰ বাবে আমি আজি ৰাজ্যৰ নদীসমূহক উপযুক্ত ৰূপত ব্যৱহাৰ কৰিব লাগিব। আজিৰ এই  অনুষ্ঠানত উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমাৰ্গ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, সাংসদ কুহ×ন ওজা, বন্দৰ, জাহাজ পৰিবহণ আৰু জলমাৰ্গ মন্ত্ৰালয়ৰ সচিব ড০ সঞ্জীৱ ৰঞ্জনৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here