Home অসম শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

255
0

দিছপুৰ, ১৯ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ গীতানগৰস্থিত শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰ শান্তি আশ্ৰমত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ২৪ অৱতাৰ চিহ্নিত বস্ত্ৰ উন্মোচন কৰে৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো গৌৰৱ, আনন্দময় আৰু মঙ্গলময় দিন৷ কিয়নো আজিৰ দিনটোতে শ্ৰীকৃষ্ণৰ ২৪ অৱতাৰ বস্ত্ৰ উন্মোচন কৰা হৈছে৷ এই বস্ত্ৰৰ জৰিয়তে উঠি অহা প্ৰজন্মই শ্ৰীকৃষ্ণৰ ২৪ অৱতাৰৰ বিষয়ে জ্ঞাত হোৱাৰ সুযোগ লাভ কৰিব৷ অসমৰ আধ্যাত্মিক জীৱনধাৰা শক্তিশালীকৰণৰ দিশত শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰই বিশেষ অৰিহণা যোগাই আহিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে যুৱ-উচ্চৃংখলতা ৰোধৰ ক্ষেত্ৰত দক্ষিণপাট সত্ৰই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে৷ কৰ্মময় শিক্ষাৰ প্ৰসাৰৰ দিশতো সত্ৰখনে ভূমিকা লৈ আহিছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে স্মাৰ্ট চিটীৰ অধীনত দক্ষিণপাট সত্ৰ শান্তি আশ্ৰমৰ উন্নয়নৰ বাবে ১৪ কোটি টকাৰ অনুমোদন জনোৱা হৈছে৷ ইয়াৰে জ্জ কোটি টকা ৰাজ্য চৰকাৰে আৰু জ্জ কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব৷ তেওঁ লগতে কয় যে এই সত্ৰৰ চৌপাশৰ চৌহদ আৰু বৈদ্যুতিক সংযোজনৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব৷ অনুষ্ঠানত শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱগোস্বামীয়েও বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘল আৰু বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা প্ৰমুখ্যে ভকতবৃন্দ উপস্থিত থাকে৷ উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ‘অৱতাৰ আৰু অৱতাৰবাদ’ শীৰ্ষক গ্ৰন্থ এখনো উন্মোচন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here