Home Main Stories কেন্দ্ৰীয় লোকসেৱা আয়োগৰ CAPF ( ACs) পৰীক্ষাত পাঠশালাৰ ছাত্ৰৰ সাফল্য ;...

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ CAPF ( ACs) পৰীক্ষাত পাঠশালাৰ ছাত্ৰৰ সাফল্য ; ১৭৭ সংখ্যক স্থানেৰে জিলিকিল শিক্ষানগৰী পাঠশালাৰ মেধাৱী যুৱক ৰাতুল ৰয়

165
0

গণ বাৰ্তা, পাঠশালা, ৫ জানুৱাৰী: কালি ঘোষণা কৰা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ CAPF (ACs) পৰীক্ষাৰ ফলাফলত ১৭৭ সংখ্যক স্থান লাভ কৰি অসমৰ শিক্ষানগৰী পাঠশালাৰ অতি মেধাৱী যুৱক ৰাতুল ৰয়ে উত্তীৰ্ণ হোৱা খবৰে পাঠশালালৈ আনন্দৰ জোৱাৰ বোৱাই আনিছে৷ উল্লেখ্য যে কালি ঘোষিত ফলাফলত অসমৰ আন এগৰাকী প্ৰাৰ্থী তেজপুৰৰ নেহা বৰাই লাভ কৰে ৫২ সংখ্যক স্থান লাভ কৰাৰ লগতে ৰাতুল ৰয়ে ১৭৭ সংখ্যক স্থান লাভ কৰি কঢ়িয়াই অনা সফলতাই গৌৰবান্বিত কৰি তুলিছে বাজালীবাসীক৷ ফলাফল লাভ কৰাৰ পিছতেনিজৰ ফলাফলক লৈ অত্যন্ত সুখী ৰাতুল ৰয়ে সংবাদ মাধ্যমৰ আগত কয় যে নিষ্ঠা সহকাৰে পঢ়িলে এদিন সফল হব পাৰি৷ উল্লেখ্য যে পাঠশালা ২নং ৱাৰ্ড নিবাসী ৰাতুল ৰয়ৰ পিতৃ প্ৰয়াত সুৰথ ৰয়ে পাঠশালা নগৰত ক্ষুদ্র চাহ দোকানৰ ব্যৱসায় আৰম্ভ কৰি অতি কষ্টৰে নিজৰ তিনিগৰাকী ছোৱালী আৰু দুজন পুত্ৰক শিক্ষা দীক্ষাত আগবঢ়াই নিছিল যদিও ৰাতুলৰ শৈশৱতে পিতৃহাৰা  হোৱাত পৰিয়াটোৰ মূৰব্বী হিচাপে মাতৃ গোলাপী ৰয়ে পৰিয়ালৰ সকলো দায়িত্ব চম্ভালি লব লগা হৈছিল৷ আৰ্থিক অনাটনৰ বাবে ২০০৪ চনত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ২০০৬ বৰ্ষত ভাৰতীয় নৌ সেনাত ভৰ্তি হয়৷ ইয়াৰ পিছতে চাকৰি কৰি থকাৰ মাজতে ২০০৮ চনত উচ্চতৰ মাধ্যমিক, ২০১১চনত স্নাতক আৰু ২০১৭ চনত স্নাতকোত্তৰ পৰীক্ষাত উত্তীর্ণ হয় আৰু ২০২১ বৰ্ষৰ জানুৱাৰীত নৌ সেনাৰ পৰা স্বেচ্ছায় অৱসৰ লৈ ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয়৷ যাৰ ফলস্বৰূপে আজি ৰাতুল ৰয়ে এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে এইবাৰ অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাতো উত্তীৰ্ণ হোৱা ৰাতুল ৰয় বৰ্তমান এপিএছচি পৰীক্ষাৰ মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে৷ তেওঁৰ এই সাফল্যতাৰ পিছতে বজালীবাসী উৎফুল্লিত হৈ তেওঁক অভিনন্দন জ্ঞাপন কৰে৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here