Home স্থানীয় যোৰহাট ন-আলি ৰেলৱে উৰণীয়া সেতু নিৰ্মাণৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত অৱহেলাৰ ফল ভুগিছে...

যোৰহাট ন-আলি ৰেলৱে উৰণীয়া সেতু নিৰ্মাণৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত অৱহেলাৰ ফল ভুগিছে পথচাৰীয়ে

44
0

চাৰ্ভিছ ৰোডৰ ব্যৱস্থা নকৰাত পথচাৰীৰ নৰক যন্ত্ৰণা : স্থানীয় বিধায়কৰ চুড়ান্ত উদাসীনতা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৫ জুন : যোৰহাট নগৰৰ ন-আলিত নিৰ্মাণ হৈ থকা ৰেলৱে উৰণীয়া সেতু নিৰ্মাণৰ লগত জড়িত ঠিকাদাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত অৱহেলাৰ ফল ভুগিছে পথচাৰীয়ে। যোৱা কিছুদিন ধৰি হোৱা বৰষুণৰ ফলত নিৰ্মাণ স্থলীত হোৱা বোকাৰ বাবে এই পথেৰে অহা-যোৱা কৰা পথচাৰীসকলে যমৰ যন্ত্ৰণা ভুগিব লগীয়া হৈছে। বিশেষকৈ বোকাৰ লগতে ঠাই বিশেষে দ দ পানী জমা হোৱাত চাইকেল আৰু মটৰ চাইকেল দুৰ্ঘটনাগ্ৰস্ত হোৱাও দেখা হৈছে। এই দুৰৱস্থা অৱশ্যে কেৱল এই কেইদিনৰ বুলি ক’লে ভুল হ’ব। যোৱা প্ৰায় দুটা বছৰে এই যন্ত্ৰণা ভোগ কৰি আহিছে ন অলিৰে অহা-যোৱা কৰা ৰাইজে। ৰেলৱে উৰণীয়া সেতু নিৰ্মাণৰ চলি আছে বুলিয়ে নৰক যন্ত্ৰণা সহ্য কৰি আছিল ৰাইজে, কিন্তু এতিয়া যন্ত্ৰণাৰ চৰম সীমা অতিক্ৰম কৰিলে যাৰ বাবে ৰাইজে এতিয়া মুকলিকৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে। আজি দুপৰীয়া ভালেসংখ্যক লোক ওলাই আহি ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে প্ৰদৰ্শন কৰা চূড়ান্ত অৱহেলাৰ প্ৰতিবাদ কৰে। প্ৰয়োজনত কাম বন্ধ কৰি দিয়াৰো হুংকাৰ দিয়ে। উল্লেখ্য যে উৰণীয়া সেতু নিৰ্মাণৰ আৰম্ভণিতে পথৰ দুয়োকাষে ভূমি অধিগ্ৰহণ কৰি দুটা চাৰ্ভিছ ৰোড নিৰ্মাণ কৰা হয় যদিও কোনোটো পথৰে কাম সম্পূৰ্ণ নকৰিলে। সেতু নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত চাৰ্ভিছ ৰোড দুটা পকা কৰিব, সেই কথা ৰাইজে বুজি পাইছে কিন্তু তাৰ আগলৈকে অন্তত: মানুহ আৰু যান-বাহন চলাচল কৰিব পৰা অৱস্থা এটা কৰি লোৱা দৰকাৰ আছিল। কিন্তু সেই কথাৰ প্ৰতি নিৰ্মাণ প্ৰতিষ্ঠানটোৱে কোনো দিনে গুৰুত্ব নিদিলে। তাৰেই পৰিণতি ভুগিছে এতিয়া সৰ্বসাধাৰণ ৰাইজে। ইপিনে, কাষত নিৰ্মাণ কৰা পদপথ তথা ড্ৰেইনৰ গভীৰতা কম হোৱাত বহু ঠাইত আৰু সংলগ্ন উপ পথত পানী জমা হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰাও দেখা গৈছে। বহু লোকৰ বাৰী পানীত বুৰ যোৱাৰ উপৰি ঘৰৰ ভিতৰত পানী সোমোৱাৰ উপক্ৰম হৈছে। মন কৰিবলগীয়া কথাটো হল গোটেই অংশতে ভূমি অধিগ্ৰহণ আৰু বহু ব্যৱসায়িক প্ৰতিষ্ঠান আৰু গৃহ উচ্ছেদ কৰা হল যদিও এই পৰ্যন্ত এখন আৰ আৰ চি ঘৰ ( ব্যৱসায়িক প্ৰতিষ্ঠান) উচ্ছেদ কৰা হোৱা নাই। কি কাৰণত আৰু কাৰ আশীৰ্বাদত এই পৰ্যন্ত এই ব্যৱসায়িক প্ৰতিষ্ঠানখন পথৰ প্ৰায় মাজলৈকে ঠাই দখল কৰি ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে, সেই কথাই ৰহস্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে এই ব্যৱসায়িক প্ৰতিষ্ঠান তথা আৰ আৰ চি ঘৰটোৰ বাবেই ওচৰৰ উপপথ আৰু মানুহৰ বাৰী পানীৰে ভৰি পৰা দেখা গৈছে। কাৰণ, সেই আৰ আৰ চি ঘৰটো থকা স্থানত বৰ্তমানেও নিৰ্মান হোৱা নাই ড্ৰেইন কাম ফুটপাথ। ফলত বঙালপুখুৰী দিশৰ পৰা অহা পানী ভাগ উক্ত ঘৰটোত খুন্দা খাই উপপথ আৰু মানুহৰ বাৰীলৈ সোমাই সমস্যাৰ সৃষ্টি কৰিছে। এতিয়া প্ৰশ্ন হৈছে উপযুক্ত ড্ৰেইন আৰু চাৰ্ভিছ ৰোড নিৰ্মাণ নকৰাকৈ নিৰ্মাণ কাৰ্য চলাই যাবলৈকে প্ৰশাসনে অনুমতি দিছে নেকি ?
উল্লেখ্য যে এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কগৰাকীয়ে চূড়ান্ত উদাসীনতা প্ৰদৰ্শন কৰাহে দেখা গৈছে। সেয়ে বৃহত্তৰ ন আলিৰ ৰাইজে বিষয়টোত লোক নিৰ্মাণ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here