Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পেগাছাছৰ তদন্তত চৰকাৰে কৰা নাই সহযোগ :পাগছাছক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

পেগাছাছৰ তদন্তত চৰকাৰে কৰা নাই সহযোগ :পাগছাছক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

195
0


নতুন দিল্লী, ২৫ আগষ্ট:
পেগাছাছক লৈ পুনৰ দেশৰ ৰাজনীতি উত্তাল হ’ল৷ উচ্চতম ন্যায়ালয়ত পেগাছাছৰ তদন্তৰ বাবে গঠিত সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছত সেই প্ৰতিবেদনক লৈ শুনানি প্ৰক্ৰিয়া চলাৰ পিছতেই পুনৰ দেশত শাসক-বিৰোধীৰ আৰোপ-প্ৰত্যাৰোপ আৰম্ভ হ’ল৷ পেগাছাছৰ চোৰাংচোৱাৰ তদন্তৰ বাবে উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশনাত গঠিত তদন্ত সমিতিয়ে তেওঁলোকৰ প্ৰতিবেদন তিনিটা পৰ্যায়ত সৰ্বোচ্ছ ন্যায়ালয়ত দাখিল কৰে৷ আজি তাৰে শুনানি গ্ৰহণ কৰি সৰ্বোচ্ছ ন্যায়ালয়ে উল্লেখ কৰে যে তদন্ত সমিতিয়ে ২৯টা ফোন ডিভাইচৰ ভিতৰত প্তটা ফোনত মালৱেৰ লাভ কৰে৷ কিন্তু সেই ফোনকেইটাত পেগাছাছ আছিল নে নাই সেইটো স্পষ্ট নহয়৷ মুখ্য ন্যায়াধীশ এন ভি ৰমান্না, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলিৰ বিচাৰপীঠে আজি কয় যে পেগাছাছৰ তদন্ত প্ৰক্ৰিয়াত কেন্দ্ৰীয় চৰকাৰে সহযোগ আগবঢ়োৱা নাই৷ তেওঁলোকৰ দ্বাৰা গঠিত তদন্ত সমিতিক কেন্দ্ৰীয় চৰকাৰে সহযোগ কৰিব লাগিছিল যদিও কেন্দ্ৰীয় চৰকাৰে সহযোগ কৰাৰ পৰা বিৰত থাকে৷ লগতে মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদন বহু দীঘলীয়া বাবে বহু সময়ৰ প্ৰয়োজন হ’ব৷ সেইবাবেই পৰৱৰ্তী শুনানি ছেপ্টেম্বৰৰ শেষৰ ফালে অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০১৭ত ইজৰাইলী কোম্পানী এন এছ অ’ গ্ৰুপৰ পৰা চোৰাংচোৱা ছফট্‌ৱেৰ পেগাছাছ ক্ৰয় কৰিছিল বুলি নিউয়ৰ্ক টাইম্‌ছে প্ৰকাশ কৰিছিল৷ এই ছফট্‌ৱেৰ পাঁচ বছৰ পূৰ্বে কমেও ১৫ হাজাৰ কোটি টকাত ডিফেন্স চুক্তি হিচাপে ক্ৰয় কৰিছিল৷ এই চুক্তিৰ অধীনত ভাৰতে এটা মিছাইল ছীষ্টেম আৰু কিছু অস্ত্ৰ ক্ৰয় কৰিছিল৷ নিউয়ৰ্ক টাইম্‌ছৰ এই প্ৰতিবেদনৰ পিছত দেশত চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ সকলোৱে মোদী চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছিল৷ অভিযোগ উঠিছিল যে মোদী চৰকাৰে দেশৰ নাগৰিকৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰি আছে৷ ইয়াৰ পিছত ২০২১ত কে’বাটাও মিডিয়া প্ৰতিষ্ঠানে পেগাছাছক লৈ এক বৃহৎ তথ্য ফাদিল কৰিছিল৷ ইজৰাইলৰ এন এছ অ’ গ্ৰুপৰ পেগাছাছ স্পাইৱেৰৰ জৰিয়তে বিশ্বৰ প্ৰমুখ নেতা, সাংবাদিক, সমাজকৰ্মী, সৰ্বোচ্ছ ন্যায়ালয়ৰ ফোন হেক কৰি চোৰাংচোৱাগিৰি কৰি আছিল৷ ভাৰতৰো কে’বাগৰাকী সাংবাদিক, সমাজকৰ্মীকে ধৰি বহু শীৰ্ষ বিষয়াৰ ফোন হেক কৰি চোৰাংচোৱাগিৰি কৰি আছিল৷ বিৰোধীৰ কে’বাগৰাকী নেতাৰ ফোন হেক কৰি চোৰাংচোৱাগিৰি কৰি থকাৰ তথ্য ফাদিল হোৱাৰ পিছতেই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ ইয়াৰ তদন্তৰ বাবে বহুৱে উচ্ছতম ন্যায়ালয়ৰ কাষ চাপিছিল, সেই অনুসৰি উচ্ছতম ন্যায়ালয়ে ইয়াৰ তদন্তৰ বাবে এখন তদন্ত সমিতি গঠন কৰে৷ এই তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত উচ্ছতম ন্যায়ালয়ে পেগাছাছ সন্দৰ্ভত শুনানি আৰম্ভ কৰিছে৷ শুনানিৰ প্ৰথম দিনাই তিনিজনীয়া বিচাৰপীঠে কয় যে ন্যায়াধীশ ৰবীচন্দ্ৰনে আদালতক অৱগত কৰিছে যে চৰকাৰে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰা নাই৷ বিচাৰপীঠে এইবুলিও কয় যে সমিতিয়ে ন্যায়ালয়ত এই কথাও অৱগত কৰিছে যে তেওঁলোকৰ প্ৰতিবেদন ৰাজহুৱা বিতৰণৰ বাবে নহয়৷ কিন্তু উচ্ছতম ন্যায়ালয়ে উল্লেখ কৰিছে যে তেওঁলোকৰ ৱেবছাইটত তদন্ত সমিতিৰ প্ৰতিবেদন আপলোড কৰা হ’ব৷ প্ৰতিবেদনত নাগৰিকৰ সুৰক্ষা, আগন্তুক পদক্ষেপ, জবাবদিহি, গোপনীয়তা সুৰক্ষা উন্নত কৰাৰ বাবে আইনত সংশোধন আদি পৰামৰ্শ আগবঢ়োৱা হৈছে৷ বিশেষজ্ঞ সমিতিয়ে চলিত বৰ্ষৰ ৩১ মাৰ্চত এই বিষয়ত ১১টা প্ৰশ্নৰ উত্তৰ বিচাৰিছিল৷ সেই প্ৰশ্নৰ প্ৰতিক্ৰিয়াও তদন্তৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here