Home Editor's Pick এটা অনগ্ৰসৰ জাতিৰ স্বাৰ্থত উৎসৰ্গিত ‘গণ অধিকাৰ’

এটা অনগ্ৰসৰ জাতিৰ স্বাৰ্থত উৎসৰ্গিত ‘গণ অধিকাৰ’

592
0

হাইদৰ হুছেইন

‘গণ অধিকাৰ’ বাতৰি কাকতখনে আজি ২৭ বছৰ সম্পূৰ্ণ কৰি ২৮ বছৰত ভৰি দিলে। নানা ঘাত-প্ৰতিঘাত আৰু সীমিত পুঁজিৰে এখন দৈনিক কাকত চলোৱাটো সাহসৰ কাম। তাৰ মাজতো সু-নিৰ্দিষ্ট লক্ষ্য, উদ্দেশ্য আৰু ভাষা-সাহিত্যৰ লগতে তুলনামূলকভাৱে এটা অনগ্ৰসৰ জাতিৰ স্বাৰ্থত উৎসৰ্গিত এখন বাতৰি কাকতে প্ৰায় তিনিটা দশক সম্পূৰ্ণ কৰাটো অকল কাকতখনেই নহয়, অসমৰ বাবে গৌৰৱৰ বিষয়। অসমত বহু কাকত প্ৰকাশ হৈ আহিছে আৰু প্ৰত্যেকখন কাকতে নিজৰ সামৰ্থ্যৰে অসমৰ সংবাদ জগতত নিজস্বতাৰে সেৱা আগবঢ়াই আহিছে। দৈনিক গণ অধিকাৰৰ বিশেষ তাৎপৰ্য হ’ল কাকতখনে অসমৰ পিছপৰা অঞ্চলসমূহত বসবাস কৰা দৰিদ্ৰ, নিপীড়িত আৰু অনগ্ৰসৰ জাতি-জনগোষ্ঠায়ে সন্মুখীন হোৱা সমস্যাসমূহক গুৰুত্বসহকাৰে প্ৰাধান্য দি আহিছে। সম্প্ৰতি অসম সমস্যাৰে জৰ্জৰিত। ক’ভিডে সমগ্ৰ বিশ্বকেস্তব্ধ কৰি তুলিছে। সমগ্ৰ মানৱ জাতিয়ে ক’ভিডৰ বিৰুদ্ধে অহৰহ যুদ্ধ কৰাৰ মাজেৰে যি সংকটৰ মুখামুখি হৈছে তাৰ মাজত এখন বাতৰি কাকতে মানুহৰ স্বাৰ্থত সেৱা আগবঢ়াই অহাটো জটিল হৈ পৰিছে। বিশেষকৈ সমাজৰ নিম্নস্তৰৰ লোকসকলে শ্ৰমজীৱিকাৰ সংগ্ৰামত যি ধৰণে দিন কটাবলগীয়া হৈছে, এই প্ৰত্যাহবানৰ মুখামুখি হোৱা নিপীড়িত, দৰিদ্ৰ মানুহৰ পক্ষত থকা কাকতখনৰ সংগ্ৰাম বৰ কম নহয়। সাম্প্ৰতিক সময়ত ক্ষমতা সৰ্বস্ব ৰাজনীতিয়ে মানুহৰ মাজত শ্ৰেণীগত, গোষ্ঠীগত, সাম্প্ৰদায়িকভাৱে যিধৰণে জাতিটোক ছিন্ন-ভিন্ন কৰিছে তেনে প্ৰেক্ষাপতটো সু-স্পষ্ট লক্ষ্যৰে সংবাদ জগতত  নিজৰ খোজেৰে আৰু সু-নিৰ্দিষ্ট লক্ষ্যৰে গণ অধিকাৰে ২৭ বছৰ গৰকি ২৮ বছৰত ভৰি দিলে। অসমৰ  সমস্যাজৰ্জৰ এটা জাতিৰ ঐক্য-সংহতি, সমাজ নিৰ্মাণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত উদ্দেশ্য বৰ্ণিল সাংবাদিকতাই বিশেষ দায়িত্ব পালন কৰিব পাৰে। এনে ক্ষেত্ৰত নিষ্ঠাৰে দৈনিক গণ অধিকাৰে বহু পৰিমাণে পালন কৰি আহিছে। গণ অধিকাৰৰ মালিক পক্ষৰ লগতে সম্পাদক পক্ষৰ লগত জড়িত দায়িত্বশীল সাংবাদিকসকলৰ নেতৃত্বত সমগ্ৰ পৰিয়ালটোৱে জনগণৰ স্বাৰ্থত যি যুদ্ধ চলাই আহিছে, তাৰ বাবে কাকতখনৰ লগত জড়িÿত সকলোৱেই ধন্যবাদৰ পাত্ৰ। আগন্তুক দিনত গণ অধিকাৰে আৰু অধিক দায়িত্বৰে অসমৰ ভৌগোলিক চাৰিসীমাত বসবাস কৰা জাতি-জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি দুৰ্বাহগতি অব্যাহত ৰাখিব। মই কাকতখনৰ উMৰোMৰ কাম কৰিলোঁ আৰু ২৮ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে গণ অধিকাৰৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here