Home Main Stories চিকিৎসকক নিগ্ৰহৰ তীব্ৰ প্ৰতিবাদ চিকিৎসক,যোৰহাট আছুৰ

চিকিৎসকক নিগ্ৰহৰ তীব্ৰ প্ৰতিবাদ চিকিৎসক,যোৰহাট আছুৰ

154
0

গণবাৰ্তা বিশেষ, যোৰহাট ২ জুন : হোজাইৰ উদালিত কৰ্তব্যৰত চিকিৎসক ডা°সেউজ সেনাপতিৰ ওপৰত যোৱাকালি যি বৰ্বৰোচিত আক্ৰমণৰ ঘটনা সংঘটিত হ’ল উক্ত ঘটনাৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তেই আজি এই আমানৱীয় ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আজি বৰ্হিঃবিভাগ বৰ্জন কৰি চিকিৎসক সকলে আজি প্ৰতিবাদ সাব্যস্ত কৰি দোষীক দৃষ্টান্ত মুলক শাস্তি প্ৰদানৰ দাবী কৰে| প্ৰতিবাদী চিকিৎসক সকলে কয় যে আৰক্ষীয়ে ইতিমধ্যে ২৪ জন অভিযুক্তক কৰায়ত্ত কৰিছে যদিও আইনৰ সুৰুঙাৰে যাতে কোনো সাৰি যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিব লাগে| আনহাতে যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আজি সামাজিক দূৰত্ব বজাই ৰাখি সম্পূৰ্ণ স্বাস্থ্যবিধি মানি চলি হাতে হাতে ‘ চিকিৎসকৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ’ব ‘ , ‘ ডাঃ সেউজ সেনাপতিয়ে ন্যায় পাবই লাগিব ‘ , ‘ হোজাইৰ উদালিত চিকিৎসক আক্ৰমণ ঘটনাৰ সমূহ দুৰ্বৃত্তক কঠোৰ শাস্তি প্ৰদান কৰক ‘ , ‘ চিকিৎসা কৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰক ‘ , সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা জিন্দাবাদ ‘ ইত্যাদি শ্ল’গান সম্বলিত প্লে’কাৰ্ড প্ৰদৰ্শনেৰে দোষীক কঠোৰ শাস্তি প্ৰদনৰ দাবীত অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী গৰাকীলৈ স্মাৰকপত্ৰ প্ৰদানেৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদস্থলীৰ আকাশ-বতাহ কঁপাই তোলে । প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় , মহামাৰীয়ে গ্ৰাস কৰা সমগ্ৰ বিশ্বৰ এই জটিল সময়ত যি ক্ষণত চিকিৎসা কৰ্মী সকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি মানৱ জাতিৰ চিকিৎসাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছে সেই সময়তেই চিকিৎসা কৰ্মীৰ ওপৰত হোজাইৰ উদালিত চিকিৎসক ডাঃ সেউজ সেনাপতিৰ ওপৰত যি আমানৱীয় ঘটনা সংঘটিত হ’ল সেইয়া মানৱ জাতিৰ বাবে চৰম লজ্জাৰ বিষয় । এই ঘটনাক আমি কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই বৰ্বৰ ঘটনাৰ আঁৰত যিসকল দোষী ব্যক্তি জড়িত হৈ আছে সেই সকলোকে অতিশীঘ্ৰে কৰায়ত্ত কৰি সকলোকে কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ । সময়ে সময়ে চিকিৎসা কৰ্মীৰ ওপৰত বিভিন্ন বৰ্বৰ আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ বিভিন্ন উদাহৰণৰ আমি সাক্ষী হৈ আহিছোঁ যদিও চৰকাৰ তথা স্বাস্থ্য বিভাগে চিকিৎসা কৰ্মীক উপযুক্ত নিৰাপত্তা প্ৰদানৰ কোনো স্থায়ী পদক্ষেপ আজি পৰ্যন্ত গ্ৰহণ নকৰাটো অতি দুৰ্ভাগ্যজনক বিষয় । ছাত্ৰ সন্থাৰ স্পষ্ট মত , মানৱ সেৱাত ব্ৰতী এই চিকিৎসা কৰ্মীসকলৰ জীৱনৰ নিৰাপত্তা চৰকাৰ তথা প্ৰশাসনে সুনিশ্চিত কৰিবই লাগিব আৰু সেই ক্ষেত্ৰত চৰকাৰে এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে যাতে ভৱিষ্যতে কোনোবা দুৰ্বৃত্তই এনেধৰণৰ চিকিৎসা কৰ্মীৰ ওপৰত নিগ্ৰহ সংঘটিত কৰিবলৈ হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয় । লগতে উদালিৰ চিকিৎসক নিগ্ৰহৰ ঘটনাই যাতে শেষ ঘটনা হয় সেই ক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগে দৃঢ় আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে । অন্যথা ছাত্ৰ সন্থা কেতিয়াও ক্ষান্ত হৈ নাথাকে । আজিৰ প্ৰতিবাদী কার্যসূচীত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিতোপন বৰাৰ লগতে অৰ্ধশতাধিক ছাত্ৰকর্মী উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here