Home Main Stories ঢকুৱাখনাত গৰাখহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিয়ুস হাজৰিকাৰ

ঢকুৱাখনাত গৰাখহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিয়ুস হাজৰিকাৰ

154
0

গণ বাৰ্তা, ঢকুৱাখনা, ২৭ মে’ : নদীদ্বীপ মাজুলী জিলাত গৰাখহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি আহি বৃহস্পতি বাৰে বিয়লি ভাগত পোনে পোনে উপস্থিত হয় ঢকুৱাখনা মহকুমাৰ টেকেলিফুটা,মডাৰগুৰি, বান্দেনা আদি অঞ্চলত সমুহত উপস্থিত হৈ গঢ়াখহনীয়াৰ পৰিস্থিতি বুজ লয়।পৰিস্থিতি বুজ লৈ নৱনিৰ্বাচিত জলসম্পদৰ মন্ত্ৰী গৰাকীয়ে সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰিছে ” যিমান পাৰি সোনকালে গঢ়াখহনীয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বিজ্ঞানসন্মত প্ৰদক্ষেপ গ্ৰহণ কৰিব বুলি জনায়। সংবাদ মাধ্যমৰ সন্মুখতে মন্ত্ৰীগৰাকীয়ে বিভাগৰ কেইবাজনো বিষয়া; কৰ্মচাৰীক সকীয়নি প্ৰদান কৰে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি ঢকুৱাখনাৰ মথাউৰি সমূহত খহনীয়া আৰম্ভ হোৱা বাতৰি সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ পিছতে থৰকাছুটি হেৰাইছে ঢকুৱাখনা বিয়াগোম জলসম্পদৰ বিভাগটোৰ।
জলসম্পদ মন্ত্ৰী গৰাকীক সংগ দিয়ে লখিমপুৰ সংসদীয় সমষ্টি সাংসদ প্ৰদান বৰুৱাৰ লগতে জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়া; অভিযন্তা, জিলা আৰু ঢকুৱাখনা মহকুমা প্ৰশাসনৰ বিষয়া উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here