গণ বাৰ্তা, ৰহা, ৩ জুন : তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা আৰু জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজিৰকাই আজি ৰহাত উপস্থিত হৈ ৰহা-চাপৰমুখ পথৰ কাষত থকা কলং আৰু তিতাইমাৰি সংযোগস্থলৰ তিনিখুঁটিৰ খহনীয়া আৰু চাপৰমুখ-মাৰোৱাৰীপট্টিৰ কপিলী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰথমে ৰহাত উপস্থিত হৈয়ে ৰহাৰ সমীপৰ গড়মাৰীৰ কলঙৰ তিনিখুঁটিৰ খহনীয়া পৰিদৰ্শন কৰে। উল্লেখ্য যে বিগত বৰ্ষত কলঙৰ খহনীয়াত ৰহা-কামপুৰ পথৰ তিনিখুঁটিত হঠাতে একাংশ খহাই নিয়াত চাপৰমুখকে ধৰি বৃহত্তৰ অঞ্চলটোৰ লগত যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল। পৰৱৰ্তী সময়ত জলসম্পদ বিভাগৰ লগতে লোকনিৰ্মাণ বিভাগৰ জৰিয়তে খহনীয়া কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰি বাহৰ বেৰা, পেলাচাইডিং, বল্ডাৰ আদিৰে খহনীয়া ৰোধ কৰি পথ-যোগাযোগ পুনৰ আৰম্ভ কৰিছিল। আজি মন্ত্ৰীগৰাকীয়ে খহনীয়া পৰিদৰ্শন কৰি স্থায়ীভাৱে নিৰ্মাণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দি খহনীয়া প্ৰতিৰোধৰ বাবে যাৱতীয় প্ৰাক্কলন প্ৰস্তুত কৰিবলৈও নিৰ্দেশ দিয়ে। বৰ্তমান বাৰিষাৰ সময়ছোৱাত কিছুপৰিমাণে মেৰামতি কৰি অহা ডিচেম্বৰ মাহৰ পৰা স্থায়ী নিৰ্মাণৰ কাম কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে পাছত চাপৰমুখৰ মাৰোৱাৰী পট্টিৰ কপিলী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰি সেই খহনীয়া অংশও স্থায়ীভাৱে নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰাৰ বাবে আঁচনি গ্ৰহণ কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দি এইবাৰৰ বাৰিষাত অস্থায়ীকৈ খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে ৰহা পৌৰসভাৰ এলেকাৰ এক নং ৱাৰ্ডৰ গড়মাৰীৰ কন্টেইনমেণ্ট জ’নত থকা ২২ ঘৰ আৱাসীক চৰকাৰৰ সিদ্ধান্ত মৰ্মে ৰহা ৰাজহ চক্ৰৰ জৰিয়তে বিতৰণ কৰা পোন্ধৰ বিধ খাদ্য-সামগ্ৰীৰ টোপোলাও বিতৰণ কৰে। খহনীয়া পৰিদৰ্শন কৰি কয় যে ৰহাখন মোৰ নিজৰ ঘৰৰ দৰে। ৰহা নগৰৰ এক নং ৱাৰ্ডতেই মোৰ ঘৰ আছে। ইয়াতেই খহনীয়া। গতিকে, মই এই খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ চেষ্টা কৰিম। ৰহা সমষ্টিৰ সকলো সমস্যাৰ কথা মই জানো। এটা এটাকৈ ইয়াক সমাধানৰ চেষ্টা কৰিম।
