Home Main Stories মাৰ্ঘেৰিটাৰ বিভিন্ন ঠাইৰ নৈৰ গড়া খহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

মাৰ্ঘেৰিটাৰ বিভিন্ন ঠাইৰ নৈৰ গড়া খহনীয়া অঞ্চল পৰিদৰ্শন মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

157
0

লেখাপানীৰ পৰা শৰৎ গগৈ, ১৪ জুন : মাৰ্ঘেৰিটা মহকুমা অন্তৰ্গত বিভিন্ন অঞ্চলত বুঢ়ীদিহিং আৰু উপনৈ সমূহত দীৰ্ঘদিন ধৰি হোৱা গড়াখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবলৈ আজি উপস্থিত হয় অসম চৰকাৰৰ জলসম্পদ,সংসদীয় পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকা। মাৰ্ঘেৰিটা লেখাপানী অন্তৰ্গত উদয়পুৰ নেৱাৰ গাঁৱত উপস্থিত হৈ টিৰাপ নৈৰ প্ৰায় দুই কিলোমিটাৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে। মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত নেৱাৰ গাঁৱৰ উক্ত অঞ্চলৰ জনসাধাৰণে বিগত বহু বছৰ ধৰি এই গড়াখহনীয়াৰ কৱলত পৰি বহু ঘৰ,মাটি-বাৰী হেৰুৱাব লগা পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে।আজি মন্ত্ৰী গৰাকীয়ে উক্ত খহনীয়া অঞ্চল পৰিদৰ্শন কৰি বিভাগীয় বিষয়া, অভিযন্তাক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়াৰ লগে লগেই নেৱাৰ গাওঁ বাসী ৰাইজৰ বহু দিনীয়া এই সমস্যাটো সমাধা হোৱাৰ ক্ষেত্ৰত এখোজ আগুৱাই যোৱা পৰিলক্ষিত হৈছে।আজি মন্ত্ৰী গৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা,সাংসদ প্ৰদান বৰুৱা,কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু বহু কেইজন প্ৰশাসনিক বিষয়াই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here