Home Main Stories গোৱালপাৰাত জল সম্পদ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা

গোৱালপাৰাত জল সম্পদ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা

116
0

সাম্প্ৰতিক কভিড পৰিস্থিতিৰ বুজ লবলৈ জিলা উপায়ুক্তৰ সৈতে বৈঠক:

আনিছুল জামান,গোৱালপাৰা ১৩ মে : ৰাজ্যজুৰি কভিডৰ সংসাৰী ৰূপ ধাৰণ কৰাৰ লগতে গোৱালপাৰাতো ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে। সাময়িক ভাৱে কভিডৰ মোকাবিলা কৰিবলৈ চৰকাৰেও দিছে বহু নিৰ্দেশনা। আজি কভিড পৰিস্থিতিৰ বুজ লবলৈ গোৱালপাৰাত উপস্থিত হয় জল সম্পদ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই৷ মন্ত্ৰী গৰাকীয়ে প্ৰথমেই গোৱালপাৰা ২০০ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয় সোমাই চিকিৎসালয় খনত থকা কভিড আক্ৰান্ত ৰোগী সকলৰ চিকিৎসা আৰু অন্যান্য সা সুবিধাৰ বুজ লয় । চিকিৎসালয়ত কভিড ৰোগী সকলৰ লগত মত বিনিময় কৰাৰ পিছত মন্ত্ৰী গৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ আহি জিলা উপায়ুক্তৰ লগতে বিভাগীয় বিষয়া সকলৰ লগত এক আলোচনাত মিলিত হয় । বৈঠকত জিলাখনৰ শেহতীয়া কভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰা হয় ৷উক্ত পৰ্যালোচনা সভাত জিলা উপায়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী ,জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ,অতিৰিক্ত উপায়ুক্ত সকলৰ লগতে দূধনৈ গোৱালপাৰা পূৱ আৰু জলেশ্বৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়কসকলেও উপস্থিত থাকে।বৈঠকৰ অন্তত মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে হোম আইচলেজনত থকা কভিড চিহ্নিত লোকসকলে সতৰ্কতা অবলম্বন কৰিব লাগিব আৰু তেনে ক্ষেত্ৰত জিলা স্বাস্থ্য বিভাগেও দায়িত্ব লব লাগিব । সম্প্ৰতি গোৱালপাৰা জিলাত ৭৬৯ গৰাকী হোম আইচলেজনত আছে বুলি জানিব পৰা গৈছে । ইয়াৰে ৪১ গৰাকী কভিড পজিটিভ ৰোগী জিলাখনৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু ১৫০ টা বিছনা মজুত আছে। লগতে উক্ত বৈঠকত মন্ত্ৰী গৰাকীয়ে প্ৰয়োজন সাপেক্ষে তৎকালীন ভাৱে অতিৰিক্ত ৪০০ বিছনা সাজু কৰিব পৰাকৈ জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহন কৰাৰ নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here