Home অসম পিযুষ হাজৰিকা- ৰনোজ পেগুৰ অভিযান মৰিয়নিত একেদিনাই আঠটাকৈ পথৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন

পিযুষ হাজৰিকা- ৰনোজ পেগুৰ অভিযান মৰিয়নিত একেদিনাই আঠটাকৈ পথৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন

127
0


   
গণ বাৰ্তা, মৰিয়নী, ১৪ ছেপ্তেম্বৰ : একেদিনাই  আঠটাকৈ পথৰ আধাৰশিলা স্থাপন কৰি মৰিয়নী সমষ্টিত উপ-নিৰ্বাচনৰ জাননী দিলে বিজেপি দলে। আজি মৰিয়নী সমষ্টিত আঠটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছা আদিয়েও এই আধাৰশিলা অনুষ্ঠানত সহযোগ আগবঢ়ায়। এই পথকেইটা  মুঠ ৩৪ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে  অসম চৰকাৰৰ নিজা অগ্ৰধিকাৰ আঁচনিৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ’ব। মৰিয়নী বিধানসভা সমষ্টিত সুদীৰ্ঘদিন ধৰি কংগ্ৰেছৰ বিধায়ক হৈ থকাৰ পিছতো প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্মাণ কৰিব নোৱাৰা পথকেইটা বিজেপিত যোগদান কৰাৰ পিছতে নিৰ্মাণ কৰিব পৰা হৈ গ’ল। আজি পুৱা প্ৰথমেই মৰিয়নীৰ গটঙা-সোণাপুৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰি কাৰ্যসূচী মুকলি কৰে। ইয়াৰ পিছতে নিউ সোণোৱাল কাণখোৱা গাঁও সংযোগী পথ, বছাগাঁও-পােঞ্চাৱাল গাঁওপথ, হোনৱাল-হাতীজুৰি- নগাধূলি সংযোগী পথ, নাগিনীজান বাগিচাৰ পৰা নাগিনীজান বিঅ’পি সংযোগী পথ, মগ্ৰৈ গাঁৱৰ পথ, কুকুৰাচোৱা-চিৰাখুন্দা-কমাৰগাঁও সংযোগী পথ। তদুপৰি মৰিয়নীবাসীৰ বহু প্ৰতীক্ষিত ধোদৰআলি নিৰ্মাণৰ কামৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰীদ্বয়ে। গটঙা-সোণাপুৰ সংযোগী পথৰ ১.৯৫ কিলোমিটাৰ পথৰ বাবে ২ কোটি ২৩ লাখ টকা, নিউ সোণোৱাল কাণখোৱা সংযোগী পথৰ ১.৯ কিলোমিটাৰ পথৰ বাবে প্ৰায় ২ কোটি টকা, হোনোৱাল-হাতীজুৰি-নগাধূলি পথৰ ৭ কিলোমিটাৰৰো অধিক পথৰ বাবে ৯ কোটি ৭৫ লাখ টকা, বছাগাঁও-পােঞ্চাৱাল সংযোগী পথৰ ২.১৭ কিলোমিটাৰ পথৰ বাবে ২ কোটি ৪৭ লাখ টকা, মগ্ৰৈ গাঁও পথৰ ৩.৯ কিলোমিটাৰ পথৰ বাবে ৩ কোটি ৯২ লাখ টকা, নাগিনীজান বাগিচা- বিঅ’পি পথৰ ৩ কিলোমিটাৰ পথৰ বাবে ২ কোটি ৯০ লাখ টকা আৰু কুকুৰাচোৱা-চিৰাখুন্দা-কামাৰগাঁও পথৰ ৩.৫৫ কিলোমিটাৰ পথৰ বাবে ৩ কোটি ৫৫ লাখ টকা মোকলাই দিছে। তদুপৰি ঐতিহাসিক ধোদৰ আলিৰ মাছখোৱাৰ পৰা জাঁজী দলঙলৈকে প্ৰায় ২০ কিলোমিটাৰ দুইলেনযুক্ত পথৰ বাবে ৭ কোটি ৪৮ লাখ টকা ধাৰ্য কৰা হৈছে। এই উপলক্ষে একাধিক স্থানত আজি ৰাজহুৱা সভা অনুষ্ঠিত হয়। লোকনিৰ্মাণ বিভাগৰ মৰিয়নী আৰু টিয়ক ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অন্তৰ্গত নিৰ্মাণ হ’বলগীয়া এই পথসমূহৰ আধাৰশিলা স্থাপন কৰাৰ পিছতেই অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি জলসম্পদ, সংসদীয় পৰিক্ৰমা আৰু তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়-মৰিয়নী সমষ্টিৰ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰিব লাগিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে এতিয়া উন্নয়নৰ দিশত আগবাঢ়িছে। মৰিয়নী সমষ্টিও পিছপৰি যাব নালাগিব বুলি তেওঁ মন্তব্য কৰে। বিজেপিয়ে আধাৰশিলাৰ ৰাজনীতি নকৰে বুলি উল্লেখ কৰি তেওঁ কয়-আমি আধাৰশিলাৰ লগে লগে কাম আৰম্ভ কৰাব বিচাৰোঁ। মৰিয়নী সমষ্টিক সৰ্বাংসুন্দৰ সমষ্টিলৈ লৈ যোৱাৰ দায়িত্ব এতিয়া আমাৰ বুলিও মন্ত্ৰী হাজৰিকাই মন্তব্য কৰে। লক্ষণীয়ভাৱে এয়া আগন্তুক উপ-নিৰ্বাচনৰ বাবে নহয় বুলি উল্লেখ কৰাৰ লগতে মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়-কেৱল উপ-নিৰ্বাচনৰ বাবেই নহয়, সমষ্টিবাসী ৰাইজক সুবিধা দিবৰ বাবেই এইদৰে উন্নয়নৰ কাম কৰা হৈছে বুলি নিজ বক্তব্যত উল্লেখ কৰে । আনহাতে, কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীকেই বিজেপিয়ে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই কয়-ইতিমধ্যে দলে ৰূপজ্যোতি কুৰ্মীকেই প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত ল’লে, ইয়াত এতিয়া কাৰোৰে দ্বিমত নাই। ইফালে, শিক্ষামন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়-অসমত এতিয়া উন্নয়নৰ ৰাজধানী এক্সপ্ৰেছ দৌৰিছে। সেই দৌৰত মৰিয়নী নামৰ ডবাটোও বাদ পৰি যাব নালাগিব। সেয়েহে মৰিয়নী সমষ্টিৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বহু ব্যৱস্থা হাতত লৈছে । এই পথসমূহ নিৰ্মাণৰ ওপৰি সমষ্টিৰ বহু উন্নয়নমূলক কাম-কাজ হ’ব বুলিও তেওঁ মন্তব্য কৰে। আনহাতে, কংগ্ৰেছৰ নাম নোলোৱাকৈ কংগ্ৰেছ দলক আক্ৰমণ কৰি তেওঁ কয়-পোন্ধৰ বছৰীয়া শাসন কালত অসমত উন্নয়নৰ গতি স্তব্ধ হৈ পৰিছিল । কংগ্ৰেছক অধিক আক্ৰমণ কৰি তেওঁ কয়-উদক ভেটাৰখীয়া পতাৰ বাবেই চৰকাৰী ধন তেতিয়া উন্নয়নৰ পৰিৱৰ্তে মন্ত্ৰী-বিধায়কৰ জেপলৈ গৈছিল। আমোলা-বিষয়া ধনী হৈছিল, কিন্তু উন্নয়নৰ গতি ৰুদ্ধ হৈ পৰিছিল।  বিজেপিয়ে চৰকাৰৰ দায়িত্ব লোৱাৰ পিছতেই অসমত উন্নয়নৰ এক নতুন ধাৰা ব’বলৈ আৰম্ভ কৰে বুলিও তেওঁ উল্লেখ কৰে। যুৱ সমাজকৰ্মী দ্বীপেন দাসে আঁত ধৰা সভাসমূহত সাংসদদ্বয় কামাখ্যাপ্ৰসাদ তাছা আৰু তপন কুমাৰ গগৈয়েও বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানসমূহত বিজেপিৰ যোৰহাট জিলাৰ সভাপতি কামাখ্যা মোহন দাস, সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়া, ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কুমুদ কছাৰী, লোকনিৰ্মাণ বিভাগৰ যোৰহাট পথ সংমণ্ডলৰ অধীক্ষক অভিযন্তা প্ৰকাশ পেগু, মৰিয়নী-টিয়ক ক্ষেত্ৰীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বীৰেন দত্ত, মৰিয়নী ক্ষেত্ৰীয় উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰাজকুমাৰ চেত্ৰী, কাটনী জিলা পৰিষদৰ সদস্য প্ৰদীপ দত্ত, কাটনী গাঁও পঞ্চায়তৰ সভাপতি অপূৰ্ব শইকীয়া আদি বহুসংখ্যক বিষয়াই অংশগ্ৰহণ কৰে। লোকনিৰ্মাণ বিভাগৰ যোৰহাট পথ সংমণ্ডলৰ অধীক্ষক অভিযন্তা প্ৰকাশ পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানসমূহত আদৰণী ভাষন দিয়ে প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিজেপি চৰকাৰে মৰিয়নী সমষ্টিৰ অধিক উন্নয়ন সাধিব বুলি মন্তব্য কৰে প্ৰাক্তন বিধায়ক ৰূপজ্যোতিয়ে। ইফালে, চৰকাৰী কাৰ্যসূচীত প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আদৰণী ভাষণ দিয়া কাৰ্যই মিশ্ৰিত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। একেদৰে চৰকাৰী কাৰ্যসূচীৰ বেনাৰত মুখ্যমন্ত্ৰীৰ লগতে ৰূপজ্যোতি কুৰ্মীৰ ফটো সংলগ্ন হোৱা বিষয়টোৱেও আন এক বিতৰ্কৰ সৃষ্টি কৰিছে। সমগ্ৰ চৰকাৰী কাৰ্যসূচীকেই এতিয়া গেৰুৱাকৰণ কৰাৰো অভিযোগ উত্থাপিত হৈছে। আমোদজনক কথা যে আদৰণী ভাষণ দিয়া প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজ ভাষণত কয় যে স্বাধীনতাৰ পিছৰে পৰা এই পথসমূহ নিৰ্মাণ কৰা হোৱা নাছিল, এতিয়া বিজেপি চৰকাৰে এইসমূহ পথৰ নিৰ্মাণৰ দায়িত্ব লৈছে। যদি সেয়াই হয় তেন্তে বিগত ১৫ বছৰীয়া শাসনকালত যে ৰূপজ্যোতি এজন ব্যৰ্থ বিধায়ক তাক প্ৰমাণ কৰিলে। সি যি কি নহওক, আগন্তুক উপ- নিৰ্বাচনৰ বাবে মৰিয়নী সমষ্টিত আজি বিজেপি দলে একপ্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজালে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here