Home গুৱাহাটী তথ্য আৰু জনসংযোগ সঞ্চালকালয় পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰীকাৰ

তথ্য আৰু জনসংযোগ সঞ্চালকালয় পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰীকাৰ

96
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ ছেপ্তেম্বৰ : ৰাজ্য চৰকাৰে  হাতত লোৱা প্ৰতিখন জনকল্যাণমূলক আঁচনিৰ বিষয়ে ৰাইজৰ মাজত প্ৰয়োজনীয় সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।  এই মন্তব্য ৰাজ্য চৰকাৰৰ তথ্য, জনসংযোগ, ছপা আৰু মুদ্ৰণ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। মন্ত্ৰীগৰাকীয়ে আজি দিছপুৰ লাষ্টগে’টস্থিত তথ্য আৰু জনসংযোগ সঞ্চালকালয় পৰিদৰ্শন কালত এইদৰে কয়। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে সঞ্চালকালয়ৰ বিষয়াসকলৰ সৈতে তেওঁলোকৰ কাম-কাজৰ পৰ্যালোচনা কৰে।  মন্ত্ৰীগৰাকীয়ে সঞ্চালকালয়ত উপস্থিত বিষয়া-কৰ্মচাৰীসকলক  কয় যে চৰকাৰী আঁচনি আৰু কাৰ্যসূচীয়ে লক্ষ্য কৰি লোৱা লোকসকলে যাতে এই সুবিধাসমূহ লাভ কৰিব পাৰে, তাৰ বাবে প্ৰথম আৰু প্ৰধান কাম হৈছে সচেতনতা গঢ়ি তোলা।  ইয়াৰ বাবে সঞ্চালকালয়ৰ সকলো বিষয়া-কৰ্মচাৰীয়ে আন্তৰিকতা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াব লাগিব। তেওঁ লগতে কয় যে বৰ্তমান চৰকাৰে  ৰাজ্যখনৰ সৰ্বাংগীণ আৰু সামগ্ৰিক বিকাশৰ গতি ত্বৰান্বিত কৰাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে। চৰকাৰে ৰাজ্যবাসীৰ কল্যাণৰ বাবে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপ আৰু প্ৰতিখন আঁচনিৰ বিষয়ে জনসাধাৰণৰ মাজত উপযুক্ত সজাগতাৰ সৃষ্টি কৰাৰ প্ৰয়োজন। এই ক্ষেত্ৰত জনসংযোগ সঞ্চালকালয়ৰ বিজ্ঞাপনসমূহৰ ভূমিকাও গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে।   উল্লেখ্য যে আজি মন্ত্ৰী হাজৰিকাই পৰিদৰ্শনকালত সঞ্চালকালয়ৰ সভাকক্ষত বিভাগটোৰ সচিব নীৰা গগৈ সোণোৱাল, সঞ্চালক বিষ্ণু কমল বৰাকে ধৰি অন্যান্য বিষয়া- কৰ্মচাৰীসকলৰ সৈতে এখন সভাত মিলিত হয়। সভাত তেওঁ সঞ্চালকালয়ৰ কাম-কাজৰ সৈতে জড়িত  বিষয়া-কৰ্মচাৰীৰ সংখ্যা, আন্তঃগাঁথনি আদিৰ বুজ লৈ সঞ্চালকালয়ৰ কাৰ্যালয় ভৱন উন্নীতকৰণৰ বাবে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে।  আজিৰ এই সভাৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীক তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ হৈ সঞ্চালক বিষ্ণুকমল বৰাই আদৰণি জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here