Home Main Stories বোকাখাতত চিগা মথাউৰি পৰিদৰ্শন মন্ত্রী পিয়ুষ হাজৰিকাৰঃ অনুৰোধপূৰ্বক ১৫ দিনৰ ভিতৰত মাথাউৰী...

বোকাখাতত চিগা মথাউৰি পৰিদৰ্শন মন্ত্রী পিয়ুষ হাজৰিকাৰঃ অনুৰোধপূৰ্বক ১৫ দিনৰ ভিতৰত মাথাউৰী নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নিৰ্দেশঃ

22
0

দিব্যজ্যোতি হাজৰিকা, বোকাখাত, ২৬ মে’: “মথাউৰি নিৰ্মাণ আৰু মেৰামতিত কোনো কাৰণতে কম্প্ৰমাইজ কৰা নহ’ব । প্ৰয়োজন সাপেক্ষে ঠিকাদাৰক ধমক দিব লগা হয় । কিন্তু এইবাৰ ধমক নহয়, অনুৰোধপূৰ্বকভাৱে অহা ১৫ দিনৰ ভিতৰত চিগা মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।” আজি জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই বোকাখাতত উপস্থিত হৈ চিগা মথাউৰি পৰিদৰ্শন কালত এই মন্তব্য কৰে । লগতে মন্ত্ৰী জনৰ অকপট স্বীকাৰোক্তি , ” মই বাৰ দিনৰহে জলসম্পদ মন্ত্ৰী। বিভাগৰ কামকাজ ভালকৈ বুজাই নাই। শীঘ্ৰেই সকলো সম্ভৱ কৰি তোলা হ’ব।” উল্লেখ্য যে, বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত মৰিয়াহোলা-ধনশিৰিমুখৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ৰজাগাঁৱৰ মথাউৰিটো ২০২০ চনৰ ১২ জুলাইৰ প্ৰলয়ংকাৰী বানে মাথাউৰিটোৰ চাৰিটা অংশ চিঙি নিয়াত এতিয়া দহ খনকৈ গাঁৱৰ ৰাইজৰ বাবে বিভিষিকাৰ কাৰণ হৈ পৰিছে । যিহেতু পুনৰ সমাগত বানপানী ৷ যোৱা ১৫ মে’ত চিঙা মাথাউৰি মেৰামতি আৰু নিৰ্মাণৰ ঠিকাৰ প্ৰাথমিক নিৰ্দেশনা লাভ কৰিছিল যদিও আজিহে চূড়ান্ত নিৰ্দেশনা লাভ কৰি ঠিকাদাৰে কাম আৰম্ভ কৰিছে ৷ সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতেই থৰকাছুটি হেৰাইছে যোৰহাট জিলা আৰু বোকাখাত মহকুমাৰ বিয়াগোম জলসম্পদ বিভাগটোৰ । নৱ নিযুক্ত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকা আজি বিয়লি চিগা মথাউৰিটো পৰিদৰ্শন কৰিবৰ বাবে সেই স্থানত উপস্থিত হয় । ১৯৫০ চনতে প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা মৰিয়াহোলা-ধনশিৰিমুখৰ ২৭ কিলোমিটাৰ মথাউৰিটো এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থসাহাৰ্য্য ৰে ২০১৯/২০ বিত্তীয় বৰ্ষত পুণৰ নিৰ্মাণকাৰ্য চলিছিল । কিন্তু কাম সম্পূৰ্ণ নহওতেই বিগত বৰ্ষৰ ১২ জুলাইৰ বানে মথাউৰিটোৰ কান্ধুলীমাৰি সংযোগী ৰজা গাঁৱৰ মাজত চাৰিটাকৈ স্থানত চিঙি পেলায় ৷ ইফালে মথাউৰিটোত উপস্থিত হৈ মন্ত্ৰী পিয়ুজ হাজৰীকাই ঠিকা লাভ কৰা ঠিকাদাৰক অনুৰোধপূৰ্বকভাৱে ১৫ দিনৰ সময় সীমা বান্ধি দিছে মাথাউৰি মেৰামতিৰ বাবে । ইফালে সমাগত বাৰিষাৰ প্ৰাকক্ষণত বানৰ বিভিষীকালৈ মনত পেলাই এতিয়া শংকিত হৈ পৰিছে কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টি বোকাখাতৰ ৰজা গাওঁ, কান্ধুলীমাৰি, শুকানি গাওঁ, জাপৰিপথাৰ, ডিফলুপথাৰ, বড়িগাঁওকে ধৰি দহ খনকৈ গাঁৱৰ ৰাইজ । ২০২০ বৰ্ষৰ বানত ৰাজ্যৰ ৯ টা মাথাউৰি নষ্ট হৈছিল ৷ সমাগত বানৰ পূৰ্বে ইতিমধ্যে ৮ টা মাথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে ৷ কেৱল বাকী আছে বোকাখাত সমষ্টিৰ এই মাথাউৰিটো ৷ খৰালি শুই-বহি কটোৱা বিয়াগোম জলসম্পদ বিভাগে চাৰি ঠাইত টুকুৰা হোৱা মথাউৰিটোত বাৰিষাৰ আগে আগে মাটি পেলাই এতিয়া কাম আৰম্ভ কৰিছে ঠিকাদাৰৰ দ্বাৰা । জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ আজিৰ এই পৰিদৰ্শনত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই ৷ সততে মেজাজি মন্ত্ৰী ৰূপে খ্যাত পিয়ুষ হাজৰিকাই কামৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নহ’ব বুলি সদম্ভে ঘোষণা কৰে ৷ আজি জলসম্পদমন্ত্ৰী পিয়ুষ হাজৰিকাৰ সৈতে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা, সাংসদ প্ৰদান বৰুৱা, জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়া, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে মহকুমা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here