Home Uncategorized নাৰায়ণপুৰত সুলভ মূল্যৰ দোকানত প্লাষ্টিকৰ চাউল

নাৰায়ণপুৰত সুলভ মূল্যৰ দোকানত প্লাষ্টিকৰ চাউল

264
0


গণ বাৰ্তা, নাৰায়ণপুৰ, ৬ জুন ঃ খাদ্যৰ নামত বৰবিহ নাৰায়ণপুৰৰ সাৰজানত সুলভ মূল্যৰ দোকানত ওলাইছে প্লাষ্টিকসদৃশ চাউল৷ হিতাধিকাৰীৰ ঘৰে ঘৰে এতিয়া প্লাষ্টিকৰ চাউল৷ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাত সমবায় সমিতিয়ে দৰিদ্ৰ হিতাধিকাৰীক যোগান ধৰা চৰকাৰী সুলভ মূল্যৰ প্লাষ্টিকসদৃশ চাউলক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ খোৱাৰ বাবে অনুপযুক্ত প্লাষ্টিকৰ চাউলক লৈ এতিয়া বিমোৰত পৰিছে দৰিদ্ৰ হিতাধিকাৰীসকল৷ সাৰজানৰ নিৱাসী গোবিন বাঢ়ৈ নামৰ লোকজনৰ ঘৰত দেওবাৰে ভাত ৰন্ধাৰ পূৰ্বে চাউল ধুৱাৰ সময়তে অলপ চাউল পানীত মুড়িৰ দৰে ওপঙি থকাৰ পিছতে অঞ্চলটোৰ লোকসকলৰ দৃষ্টিগোচৰ কৰায়৷ তাৰ পিছতে স্থানীয় কে’বাঘৰ লোকৰ তেনে চাউল থকাৰ কথা পোহৰলৈ আহে৷ একাংশ লোকে প্লাষ্টিকসদৃশ চাউলখিনি জ্বলাই দিয়ে যদিও জ্বলি গৈ ৰবৰব দৰে হৈ পৰে৷ পোহনীয়া চৰাই-চিৰিকটি, মাছ আদিক খাবলৈ দিয়াতো ভক্ষণ নকৰাৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ৷ ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ দৰিদ্ৰ হিতাধিকাৰীসকল৷ খেৰাজখাত সমবায় সমিতিয়ে স্থানীয় এজেণ্টৰ জৰিয়তে বিতৰণ কৰা এই প্লাষ্টিকসদৃশ চাউলৰ সন্দৰ্ভত চৰকাৰ তথা বিভাগীয় কতৃৰ্পক্ষক উচ্ছ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে৷ শেহতীয়াকৈ স্থানীয় ৰাইজে সমবায় এজেKI×জনক বিষয়টো অবগত কৰাৰ পিছতে সমবায় কতৃৰ্পক্ষই জিলা খাদ্য যোগান বিষয়াক অবগত কৰি সন্দেহজনক চাউলৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here