Home Main Stories প্ৰচণ্ড বৰষুণত মুম্বাইত ২২ জনৰ মৃত্যু : পি.এম.ও. ৰ ক্ষতিপূৰণ ঘোষণা

প্ৰচণ্ড বৰষুণত মুম্বাইত ২২ জনৰ মৃত্যু : পি.এম.ও. ৰ ক্ষতিপূৰণ ঘোষণা

89
0

মুম্বাই : ১৮ জুলাই, দেওবাৰে চহৰখনত ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত মুম্বাইৰ চেম্বুৰ আৰু বিক্ৰোলী অঞ্চলত দেৱাল খহি পৰাৰ বিভিন্ন ঘটনাত কমেও ২২ জন লোকৰ মৃত্যু হয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাণ হেৰুওৱাৰ বাবে শোক প্ৰকাশ কৰে আৰু আহত লোকসকলৰ আশু আৰোগ্য হোৱাৰ আশা প্ৰকাশ কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰি কয় যে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহত হোৱা লোকসকলক ৫০,০০০ টকা কৈ দিয়া হ’ব।

উদ্ধাৰ অভিযান চলি আছে আৰু চেম্বুৰৰ ভাৰত নগৰ অঞ্চলৰ পৰা প্ৰায় ১৫ জন লোকক উদ্ধাৰ কৰা হৈছে । ঘটনাটোত কমেও ১৭ জন লোক নিহত হৈছিল। কেইবাজনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে আৰু তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ দুজনক পিছত অব্যাহতি দিয়া হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here