Home স্থানীয় কবি গৌৰৱ বৰুৱাৰ নৱতম কাব্য গ্ৰন্থ ‘এটা নষ্ট চৰিত্ৰৰ জীৱাণু আৰু এজাক...

কবি গৌৰৱ বৰুৱাৰ নৱতম কাব্য গ্ৰন্থ ‘এটা নষ্ট চৰিত্ৰৰ জীৱাণু আৰু এজাক বৰষুণৰ নষ্টালজিয়াৰ’ হুভ উন্মোচন

241
0

গণ বাৰ্তা, দেৰগাঁও, ২৯ মাৰ্চ: বৈশ্বিক মহামাৰি কৰুনাই বহুতৰ জীৱনলৈ নমাই আনিলে কাল অমানিশা। সলনি কৰিলে বহুতৰে জীৱন। ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে  দিয়া লক ডাউনে বহুতৰ জীৱনৰ গতি স্থবিৰ কৰি পেলালে। অতিমাৰি কৰুনাই কবি দেৰগাঁৱৰ গৌৰৱ বৰুৱালৈ আনিলে সৃষ্টিৰ প্ৰেৰণা। লক ডাউনৰ সময়ত ঘৰত থকা আমনি দায়ক সময় বিলাক সৎ ব্যৱহাৰ কৰি লিখি ওলিয়ালে দুকুৰি কবিতাৰ সন্নিৱিষ্ট জীৱনৰ প্ৰথম খন কবিতা পুথি “এটা নষ্ট চৰিত্ৰৰ জীৱানু আৰু এজাক বৰষুণৰ নষ্টালজিয়া” অলপতে গুৱাহাটীৰ জ্যোতি চিত্ৰবণত সদৌ অসম কবি চক্ৰৰ এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা সাংস্কৃতিককৰ্মী পদ্মশ্ৰী ড°সূৰ্য হাজৰিকাই আনুষ্ঠানিক ভাবে কবিতা পুথি খনৰ শুভ উন্মোচন কৰে। অসমৰ অন্যতম এক প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী “মণিকাঞ্চন প্ৰকাশনে “প্ৰকাশ কৰা গ্ৰন্থ খনে এটা পষেক নহওঁতেই কাব্যপ্ৰেমীৰ মাজত এক আলোড়ন সৃষ্টি কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here