Home স্থানীয় যোৰহাটত কবি জেচমিন এচ চুলতানাৰ কাব্যগ্ৰন্থ উন্মোচন

যোৰহাটত কবি জেচমিন এচ চুলতানাৰ কাব্যগ্ৰন্থ উন্মোচন

353
0

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ৫ ছেপ্টেম্বৰ : যোৰহাটৰ অন্যতম প্ৰকাশন গোষ্ঠী সংস্কৃতি প্ৰকাশনৰ উদ্যোগত দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনত আজি অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত যোৰহাটৰ বিশিষ্টা কবি জেচমিন এচ চুলতানাৰ “”হৃদয়ৰ দৰে তেজ ৰঙা ” শীৰ্ষক কাব্যগ্ৰন্থ খন উন্মোচন হয় । বিশিষ্টা শিক্ষাবিদ ড0 আদিতি বেজবৰুৱাই সঞ্চালনা কৰা গ্ৰন্থ উন্মোচনী সভাখনত উক্ত কাব্যগ্ৰন্থ খন উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্যালয়ৰ সম্পাদক ৰমানন্দ বৰাই । গ্ৰন্থ খন উন্মোচনৰ সময়ত তেওঁক সহযোগ কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ডঃ ৰাতুল চন্দ্ৰ বৰা, অধ্যাপিকা ড0 জ্যোতিৰেখা হাজৰিকা ,কবি আৰেছা বেগম , কবি জ্বলি বেগম , কবি চৈয়দ পাৰভিজ হুছেইনকে ধৰি কেইবাজনো বিশিষ্ট লোকে। সংস্কৃতি প্ৰকাশনৰ স্বত্বাধিকাৰী চৈয়দ পাৰভিজ হুছেইনে উদ্দেশ্যে বাখ্যা কৰা সভাখনৰ আৰম্ভনিত বৰগীত আৰু কোৰান পাঠ কৰা হয় । সভাত উপস্থিত কেইবাজনো লোকে বক্তব্য প্ৰদান কৰাৰ লগতে কবিতা পাঠ কৰা হৈছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here