Home Main Stories কয়াকুছি গ্ৰন্থমেলাত স্বৰচিত কবিতা আবৃত্তি, নৃত্য প্ৰতিযোগিতা আৰু কবি সন্মিলন

কয়াকুছি গ্ৰন্থমেলাত স্বৰচিত কবিতা আবৃত্তি, নৃত্য প্ৰতিযোগিতা আৰু কবি সন্মিলন

256
0


গণ বাৰ্তা, জাৰাবাৰী, ১৯ নৱেম্বৰ : যোৱা ১৬ ডিচেম্বৰৰ পৰা কয়াকুছিৰ শংকৰ-আজান সমন্বয় ক্ষেত্ৰত আৰম্ভ হোৱা ষষ্ঠ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বাকৰিত আজি পুৱা স্বৰ্গীয় মানিক জান নেছা সোঁৱৰণী স্বৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে কয়াকুছি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ বদৰউদ্দিন আহমেদে৷ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি প্ৰমাণ-পত্ৰৰ লগতে তিনি হাজাৰ টকা লাভ কৰে বনবাহাৰৰ জাকিৰ হুছেইনে, দ্বিতীয় স্থান দখল কৰি প্ৰমাণ-পত্ৰৰ লগতে দুই হাজাৰ টকা লাভ কৰে বাগোদী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মুছলেম উদ্দিন চৌধুৰীয়ে আৰু তৃতীয় স্থান দখল কৰি প্ৰমাণ-পত্ৰৰ লগতে এক হাজাৰ টকা লাভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ নাবাৰুণ কাশ্যপে৷ ৰাহুল আমিনৰ সঞ্চালনাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ বিচাৰকৰ দায়িত্ব পালন কৰে কয়াকুছি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড॰ জাহাঙ্গীৰ ইছলাম আৰু মকিবুল হুছেইনে৷ দুপৰীয়া অনুষ্ঠিত হোৱা বিশা মিঞা সোঁৱৰণী অসমীয়া গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে মধ্য বেতবাৰী গাঁও পঞ্চায়তৰ সভাপতি নুৰ ইছলামে৷ এই অনুষ্ঠানত অতিথি হিচাপে পশ্চিম বেতবাৰী সমবায় সমিতি লিমিটেডৰ সভাপতি ইউছুব আলী, পাকা বেতবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্যা ছানিয়াৰা পাৰবীন আৰু নলীগাঁৱৰ নজৰুল হকে৷ নৃত্য প্ৰতিযোগিতাৰ বিচাৰক হিচাপে পাঠশালাৰ ফেশ্বন ডিজাইনাৰ কাকলী দাস,পম্পী একাডেমীৰ নৃত্য প্ৰশিক্ষক পম্পী নাথ আৰু বঙাইগাঁওৰ নৃত্য প্ৰশিক্ষক পিংকু নাথে৷ নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে তিনি হাজাৰ টকা লাভ কৰে ৰূপম কলিতাই,দ্বিতীয় স্থান লাভ কৰি প্ৰমাণ-পত্ৰসহ দুই হাজাৰ টকা লাভ কৰে কৌশিক তালুকদাৰে৷ আনহাতে সাস্বতী পাঠকে তৃতীয় স্থান দখল কৰি প্ৰমাণপত্ৰৰ লগতে এক হাজাৰ টকা লাভ কৰে৷ আবেলি তিনি বজাৰ পৰা আকৰ্ষণীয় কবি সন্মিলন অনুষ্ঠিত হয়৷বি এইচ বি মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিৰিঞ্চি কুমাৰ দাসৰ সঞ্চালনত অনুষ্ঠিত হোৱা কবি সন্মিলনৰ উদ্বোধন কৰে অসম চৰকাৰৰ পশু পালন আৰু পশু চিকিৎসা বিভাগৰ পৰিকল্পনা বিষয়া ডা: ৰেজাউল কৰিমে৷ সভাত অতিথি হিচাপে অসম চৰকাৰৰ ৰেল আৰক্ষী বিভাগৰ উপ-পৰিদৰ্শক আবু চুফিয়ান আৰু বি এইচ বি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোফাজ্জেল হুছেইনে৷ কবি সন্মিলনৰ পৰ্যালোচক হিচাপে বিশিষ্ট কবি নাগেশ্বৰ দাসে পৰ্যালোচনা কৰে৷ কবি সন্মিলনত গীৰেন গোপ, গুৱাহাটী সাহিত্যিক পেঞ্চনাৰ ডাঃ হৰেন চৌধুৰী, ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক ফায়েজুৰ ৰহমান, অৱসৰপ্ৰাপ্ত শিক্ষক তালেবৰ ৰহমান, বিৰিণা গোষ্ঠীৰ সভাপতি লীলাধৰ পাঠক,সাংবাদিক ক্ৰমে প্ৰণৱ কুমাৰ গোস্বামী,প্ৰশান্ত কুমাৰ দাস,তফিকুৰ ৰহমান, ছাহেদ আলী আহমেদ, জাহিদুল ইছলাম, ছাইজুৰ ৰহমান আদিৰ লগতে বিশিষ্ট কবি ক্ৰমে পিনু বৰ্মন, প্ৰদীপ দাস, প্ৰদীপ কুমাৰ শৰ্মা, জিয়াউৰ ৰহমান, সাহজান আলী আহমেদ আদিয়ে কবিতা পাঠ কৰি সকলোকে যথেষ্ট আমোদ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here