Home Main Stories নাহৰকটীয়া সমষ্টিৰ জয়পুৰত আৰক্ষীৰ এনকাউন্টাৰ : আলফা (স্বাধীন) ৰ নামত দাবী কৰা...

নাহৰকটীয়া সমষ্টিৰ জয়পুৰত আৰক্ষীৰ এনকাউন্টাৰ : আলফা (স্বাধীন) ৰ নামত দাবী কৰা ধন নিবলৈ আহোঁতে আৰক্ষীৰ গুলীত আহত সন্দেহজনক লিংকমেন

71
0

আলফা স্বাধীনৰ সংবাদ মাধ্যমলৈ বিবৃতি

প্ৰনামী মহন্ত, নাহৰকটীয়া, ২২ জুলাইঃ

ৰাজ্যত পুনৰ সংঘটিত হ’ল এক এনকাউন্টাৰৰ ঘটনা। আলফা(স্বাধীন) ৰ নামত ধন দাবী কৰি উক্ত ধন নিবলৈ আহোঁতে পূৰ্বৰ পৰাই সষ্টম হৈ থকা আৰক্ষীৰ গুলীত আহত হয় এজন সন্দেহযুক্ত আলফাৰ লিংকমেন। ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক স্বেতংগ মিশ্ৰাই জানিবলৈ দিয়া মতে,প্ৰায় এক সপ্তাহৰ পূৰ্ৱে নাহৰকটীয়াৰ জয়পুৰস্থিত সাৰদা টি ফেক্টৰীত আলফা(স্বাধীন) ৰ পেডত দুটা জীৱিত গুলি সহ আলফাৰ সহকাৰী বিত্ত সচিব মাইকেল অসম স্বাক্ষৰিত এখন পত্ৰযোগে ২০ লাখ টকা দাবী কৰা হৈছিল। এই ধনদাবী পত্ৰৰ খবৰ লাভ কৰি সষ্টম হৈ পৰিছিল আৰক্ষী। বুধবাৰে পুৱা এ এছ ০৬ এ ডি ৬৭৬০ নম্বৰৰ বাজাজ পালচাৰ মটৰ চাইকেলেৰে জয়পুৰ চাহ বাগিচাৰ সমীপত নিৰ্ধাৰিত কৰি দিয়া স্থানত দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ সন্মুখীন হয় টিংখং ২ নং কচলুপথাৰৰ সন্দেহজনক আলফাৰ লিংকমেন বাবুল ডেকা। পূৰ্বৰ পৰাই সেই স্থানত খাপ পিটি থকা ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক স্বেতংগ মিশ্ৰা,অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়া আৰু নামৰূপ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বড়াৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দলটিক দেখি দাবী কৰা ধন লৈ পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে বাবুল ডেকাৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীৰ গুলীত বাওঁ‌ ভৰিত আঘাতপ্ৰাপ্ত হয় ধৃত বাবুল ডেকা। আৰক্ষীৰ প্ৰশ্নত পাহাৰৰ পৰা আলফাই ধন নিবলৈ পঠোৱাৰ কথা অকপতে স্বীকাৰ কৰাৰ লগতে সাৰদাৰ দৰেই জয়পুৰৰ উল্লাহ গ্ৰুপৰ সৰুজান টী ফেক্টৰী আৰু ধাপি টী ফেক্টৰীটো আলফাই ধন দাবী কৰাৰ কথা স্বীকাৰ কৰে ধৃত বাবুল ডেকাই। অৱশ্যে এইয়া প্ৰকৃত আলফা (স্বাধীন) ৰ কৰ্মনে ভূৱা সেইয়া আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক গৰাকীয়ে। ধৃত বাবুল ডেকাক জয়পুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৪ ধাৰাৰ অধীনত জয়পুৰ আৰক্ষী থানাৰ ২৬/২১ নম্বৰৰ গোচৰ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৭/৩৪ আৰ ডব্লিউ ধাৰা ২৫(১)-এ এ আৰ্মচ এক্ট ১৯৫৯ আৰু ইউ এ পি এক্টৰ ১০/১৩ ধাৰাৰ অধীনত জয়পুৰ আৰক্ষী থানাৰ ৫৫/২১ নম্বৰৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি চিকিৎসাৰ বাবে প্ৰথমে নাহৰকটীয়াৰ দীঘলা পথাৰস্থিত অসামৰিক চিকিৎসালয়লৈ আৰু পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পাতাললৈ প্ৰেৰণ কৰে। ইফালে উক্ত ধন দাবী ঘটনাৰ সম্ভেদ লাভ কৰি সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ উপ সভাপতি তথা সেনাধ্যক্ষ লে.জে.পৰেশ অসমে সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰিছে। বিবৃতিত উল্লেখ কৰা অনুসৰি যোৱা ইংৰাজী ১৫/০৫/২০২১ তাৰিখে আলফা(স্বাধীন) য়ে এক পক্ষ ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰাৰ পৰা আজি পৰ্যন্ত সংগঠনৰ কোনো সেনানীয়ে কোনো ব্যক্তি আৰু প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহ কাৰ্যত জড়িত হোৱা নাই। এই সন্দৰ্ভত সংগঠনৰ মজিয়াত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু এক পক্ষ যুদ্ধ বিৰতি বাহাল থকালৈকে এই নীতি নিৰ্দেশনা ভংগ কৰা নহয়। কিন্তু বিগত কেইদিনমানৰ পৰা সংগঠনৰ নাম লৈ একাংশ দুষ্টচক্ৰই বিভিন্ন স্থানৰ পৰা ধন সংগ্ৰহ কৰি সংগঠনৰ নাম ম্লান কৰাৰ অপচেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰে। লগতে চেম্বাৰ্চ অফ কমাৰ্চৰ নামত প্ৰতিষ্ঠান খুলি একাংশ অসাধু আৰক্ষী বিষয়া আৰু ব্যৱসায়ীয়ে আলফা স্বাধীনৰ সেনাধ্যক্ষৰ নামত অনা অসমীয়া ব্যক্তিৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰাৰ তথ্য লাভ কৰাৰ এক গুৰুত্বৰ অভিযোগ আনি সেনাধ্যক্ষ জনে চেম্বাৰ্চ অফ কমাৰ্চৰ এনে দুস্কাৰ্য অনতি পলমে বন্ধ কৰিবলৈ,অন্যথা কঠোৰ শাস্তি ভোগৰ বাবে প্ৰস্তুত থাকিবলৈ এই বিবৃতিৰ জৰিয়তেই ভাবুকি প্ৰদান কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here