Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় এলাহাবাদত হিংসাৰ আশ্ৰয় লোৱা অভিযুক্তৰ বাসগৃহত চলিল বুলড’জাৰ: দুবৃৰ্ত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা...

এলাহাবাদত হিংসাৰ আশ্ৰয় লোৱা অভিযুক্তৰ বাসগৃহত চলিল বুলড’জাৰ: দুবৃৰ্ত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ যোগী আদিত্য নাথৰ

104
0


লক্ষ্ণৌ, ১২ জুন ঃ পয়গম্বৰ হজৰত মহম্মদৰ বিৰুদ্ধে বিজেপিৰ প্ৰাক্তন নেত্ৰী নূপুৰ শৰ্মাই বিতৰ্কিত মন্তব্য কৰাৰ পিছত সমগ্ৰ দেশত এক আক্ৰোশমূলক পৰিৱেশৰ সূচনা হৈছে৷ বিতৰ্কিত মন্তব্যৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিষয়টোৱে খলকনি তোলাৰ পিছত শুকুৰবাৰে জুম্মা নামাজৰ পিছত দেশৰ কে’বাখনো চহৰত নূপুৰ শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিওৱাৰ উপৰিও আন কে’বাখনো চহৰত এক হিংসাত্মক পৰিৱেশৰ সূচনা হৈছিল৷ বিশেষকৈ উত্তৰপ্ৰদেশ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যসমূহত হিংসাই অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷ এই হিংসাত ইতিমধ্যে দুজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে আন কে’বাজনো গুৰুতৰভাৱে আহত হৈছে৷ শুকুৰবাৰে উত্তৰপ্ৰদেশৰ এলাহবাদ চহৰত নূপুৰ শৰ্মাৰ বিৰুদ্ধে বৃহৎ সমদল বাহিৰ কৰা হৈছিল আৰু সেই সময়ছোৱাতেই এই হিংসাত্মক পৰিৱেশৰো সূচনা হৈছিল৷ হিংসাত্মক পৰিৱেশত যিসকল জড়িত আছিল সেইসকলক এলাহাবাদ প্ৰশাসনে চিনাক্ত কৰি কঠোৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে এই হিংসাৰ সৈতে জড়িত লোকসকলৰ বাসগৃহত এলাহাবাদ প্ৰশাসনে বুলড’জাৰ চলাইছে৷ প্ৰশাসনে ৱেলফেয়াৰ পাৰ্টী অৱ ইণ্ডিয়াৰ নেত্ৰী তথা কৰ্মকৰ্তা আফৰীন ফাটিমাৰ স্বামীৰ বাসগৃহত বুলড’জাৰ চলায়৷ প্ৰশাসনে বৃহৎ আৰক্ষী জোৱান লগত লৈ অভিযুক্তসমূহৰ বাসগৃহত বুলড’জাৰ চলায়৷ ইতিমধ্যে উত্তৰপ্ৰদেশ প্ৰশাসনে হিংসাৰ সৈতে জড়িতৰ অভিযোগত ৬০জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here