Home Main Stories আমগুৰিত পথদুৰ্ঘটনাত আহত আৰক্ষীঃ চুইফটে খুন্দিয়ালে বিদ্যুৎ ট্ৰান্সফৰ্মাৰতঃ

আমগুৰিত পথদুৰ্ঘটনাত আহত আৰক্ষীঃ চুইফটে খুন্দিয়ালে বিদ্যুৎ ট্ৰান্সফৰ্মাৰতঃ

25
0

কৌশিক বৰুৱা, হালোৱাটিং,২০ মেঃ শিৱসাগৰ জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত তীখা বেলিমুখীয়া পথৰ নামতিপথাৰ মাহমৰাত যোৱা নিশা সংঘটিত এক পথদুৰ্ঘটনাত এগৰাকী আৰক্ষী কৰ্মচাৰী গুৰুতৰভাবে আহত হয়। জানিব পৰামতে কালি নিশা প্ৰায় ১০ বজাত নামতি আৰক্ষী থানাৰ আৰক্ষী ৰানা খনিকৰে চাৰিঙৰ নিজাঘৰৰ পৰা কৰ্তব্য সম্পাদনৰ বাবে এএছ০৪ ৱাই ২৭৭৭ নম্বৰৰ চুইফট বাহনখনেৰে তীখা বেলিমুখীয়া পথেৰে নামতিলৈ আহি থকা অৱস্থাত নামতিপথাৰ মাহমৰাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা বৈদ্যুতিক ট্ৰান্সফৰ্মাৰত খুন্দা মাৰে। ফলত আৰক্ষী কৰ্মচাৰীজন গুৰুতৰ ভাবে আহত হয়‌। আহত আৰক্ষী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি প্ৰকাশ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here