
গণ বাৰ্তা, তিতাবৰ, ৩০ মে : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিতাবৰ মহকুমাতো নিষিদ্ধ ড্ৰাগছৰ বিৰূদ্ধে তৎপৰ হৈ পৰিছে আৰক্ষী।তিতাবৰৰ বৰহোলা আৰক্ষীয়ে আজি অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ নিচা জাতীয় টেবলেট।
বৰহোলা ৰজাবাৰী সোনোৱাল গাঁৱৰ এটা বাসগৃহত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰিছে ২৬১ টা চিম্পেক্স প্লাছ (SIMPEX PLUS) নামৰ নিচা জাতীয় টেবলেট।টেবলেট সমূহ জব্দ হ’লেও অভিযুক্ত ৰাজীৱ সোনোৱাল ওৰফে তিলো পলায়ন কৰিবলৈ সক্ষম হয়।
অভিযুক্ত ৰাজীৱ সোনোৱালে আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিনে স্থানীয় অঞ্চলটোত নিচাজাতীয় টেবলেটৰ ব্যৱসায় চলাই আহিছিল।