Home Main Stories শ্ৰীৰামপুৰত ৭ খনকৈ কয়লা কঢ়িওৱা ট্ৰাক জব্দ আৰক্ষীৰ: খনন কেন্দ্ৰৰ অনুজ্ঞাপত্ৰ...

শ্ৰীৰামপুৰত ৭ খনকৈ কয়লা কঢ়িওৱা ট্ৰাক জব্দ আৰক্ষীৰ: খনন কেন্দ্ৰৰ অনুজ্ঞাপত্ৰ নথকাৰ অভিযোগ আৰক্ষীৰ

239
0

গণ বাৰ্তা, গোসাইগাঁও, ৩ জানুৱাৰীঃ  গোসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষীয়ে যোৱা নিশা অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰ এলেকাৰ ৩১ নং (চি) ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই পাঁচখন কয়লা ভৰ্তি ট্ৰাক আটক কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটা সহ ৰাজ্যৰ অন্যান্য অঞ্চলৰ কয়লা বহিঃৰাজ্যলৈ নিয়াৰ পথত হেঙাৰ হৈ থকা সকলো বাধা নিষেধ উঠাই দিয়া বুলি ঘোষণা কৰাৰ পিছতে সম্প্ৰতি বহিঃৰাজ্যলৈ কয়লা সৰবৰাহ আৰম্ভ হোৱাৰ সময়তে শিমুলটাপু আৰক্ষীয়ে দুটা দিনত মুঠ ৭ টা কয়লা কঢ়িওৱা ট্ৰাক কৰিছে৷ প্ৰাপ্ত তথ্য মতে শিমুলটাপু আৰক্ষীয়ে আটক কৰা ট্ৰাক সমূহৰ নম্বৰ ক্ৰমে WB 59C /1566, WB 83 /1771, WB 83 /1234, WB 83 /0208, NL 01A E /3971, PB10 HJ/ 6399 আৰু PB 10 G/K3699।অসম বংগ সীমান্তৰ শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুত্ৰে প্ৰকাশ কৰা তথ্য মতে চলিত বৰ্ষৰ আৰম্ভণিৰ অৰ্থাৎ নৱবৰ্ষৰ প্ৰথমটো নিশাত PB 10 HJ/ 6399 আৰু PB 10 G/K3699 নম্বৰৰ দুখন কয়লা কঢ়িওৱা ট্ৰাকৰ নথি পত্ৰ নাটনি থকাৰ বাবে শিমুলটাপু আৰক্ষীয়ে আটক কৰি ৰাখিছে। আনহাতে WB 59C /1566, WB 83/ 1771, WB 83/ 1234, WB 83/ 0208 আৰু NL 01A E /3971 নম্বৰৰ ট্ৰাক কেইখন যোৱা নিশা আৰক্ষীয়ে আটক কৰে। মেঘালয়ৰ কোনো এক কয়লা খনন কেন্দ্ৰৰ পৰা অহা কয়লাখিনিৰ খনন কেন্দ্ৰৰ অনুজ্ঞা পত্ৰ নথকাৰ বাবে ট্ৰাক কেইখন আটক কৰা হৈছে বুলি শিমুলটাপু আৰক্ষীয়ে প্ৰকাশ কৰিছে।সম্প্ৰতি ট্ৰাক সমূহক শিমুলটাপুত আটক কৰি নথিপত্ৰ পৰীক্ষা কৰি আছে বুলি আৰক্ষীয়ে জনাইছে।কিন্তু শিমুলটাপু আৰক্ষীয়ে জব্দ কৰা ট্ৰাক চালক সকলৰ ভাষ্য মতে যোৱা ৰাতি শিমুলটাপু আৰক্ষীৰ হাতত আটক হোৱা ট্ৰাক কেইখন বিগত ১২ দিন পূৰ্বে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পৰা কয়লা ভৰ্তি কৰি অনা হৈছে।কয়লা পৰিবহনকাৰী ট্ৰাক চালক সকলে প্ৰকাশ কৰা মতে কয়লাসমূহ বিগত ১২ দিন পূৰ্বে গোৱালপাৰা জিলাৰ কৃষ্ণাইত বোজাই কৰা হৈছে যদিও কয়লাৰ মালিকপক্ষই সেউজ সংকেত নিদিয়া বাবেই এই কেইদিন তেওঁলোক আধা ৰাস্তাৰে ৰখিবলগা হৈছিল৷কিন্তু যোৱা নিশা মালিক পক্ষই সেউজ সংকেত দিয়াৰ লগে লগে তেওঁলোক গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পৰা পশ্চিম বংগৰ মালদাহলৈ যাত্ৰা কৰিছে। কিন্তু নিশাই শ্ৰীৰামপুৰত আৰক্ষীয়ে পাঁচখন কয়লা ভৰ্তি ট্ৰাকৰ পৰ্যাপ্ত নথিপত্ৰ নথকাৰ নানা অজুহাত দেখুৱাই ট্ৰাক সমূহক আটক কৰি থানা চৌহদত ৰাখি বিভিন্ন নথি পত্ৰ পৰীক্ষা নিৰীক্ষাৰ নামত হাৰাশাস্তি কৰি থকা বুলি চালকসকলে প্ৰকাশ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here