Home Main Stories সৃজনগ্ৰামত আৰক্ষীৰ অভিযানত ৮৬.৮৮ কিলোগ্ৰাম গাঞ্জা জব্দ

সৃজনগ্ৰামত আৰক্ষীৰ অভিযানত ৮৬.৮৮ কিলোগ্ৰাম গাঞ্জা জব্দ

149
0

গণ বাৰ্তা,সৃজনগ্ৰাম, ২০মে : বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ পাখিৰিগুৰী গাৱৰ প্ৰফুল্ল ৰায়ৰ ঘৰত আজি বৃহৎ পৰিমানৰ গাঞ্জা উদ্ধাৰ কৰে আৰক্ষীয়ে । দীৰ্ঘদিন ধৰি নামনি অসমত ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল প্ৰফুল্ল ৰায় ওৰফে ৰাৱণ । এই লোকজন ইতিমধ্য কেইবাবাৰো গাঞ্জা সহ আৰক্ষীৰ হাতত হাতে লতে ধৰা পৰি কাৰাবাস খাতিব লগিয়া হৈছে আনহাতে জানিব পৰা মতে কিছুদিন পূৰ্ৱে প্ৰফুল্ল ৰায় নামৰ লোকজন পুনৰ গাঞ্জা সহ আটক কৰি এতিয়া ৰঙা ঘৰৰ আলহি হৈ আছে তাৰ পিছতো আজি বিশেষ খবৰৰ ভিত্তিত আজি ৰাতিপুৱা প্ৰফুল্ল ৰায়ৰ ঘৰত উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া হেমেন দাস, অভয়াপুৰী আৰক্ষী থানাৰ ভা: আৰক্ষী বিষয়া বিনন্দ বসুমটাৰী আৰু বৰঘোলা আৰক্ষী চকীৰ ভা: আৰক্ষী বিষয়া সুৰজিৎ সৰকাৰৰ নেতৃত্বত প্ৰফুল্ল ৰায়ৰ ঘৰত আৰক্ষীৰ বৃহৎ দলে চলোৱা অভিযানত ৮৬.৮৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে । এই আভিযানত ৰায়ৰ ঘৰৰ পৰা কোনো লোকক আটক কৰা হোৱা নাই কাৰন আভিযানৰ সময়ত কেৱল প্ৰফুল্ল ৰায়ৰ নাবালিকা কণ্যা ঘৰত উপস্থিত আছিল । জানিব পৰা মতে, আজি ৰাতিপুৱাৰ ভাগত এই গাঞ্জা সমুহ এখন সৰু গাড়ীৰে লৈ আহিছিল আৰু বৰঘোলা আৰক্ষী চকীৰ দুজন আৰক্ষীৰে মুখা মুখি হোৱাৰ পিছতে দ্ৰুত বেগেৰে পলায়ত কৰিবলৈ সক্ষম হয় গাঞ্জা দিবলৈ অহা গাড়ীখন আনহাতে উত্তৰ শালমাৰা মহকুমাৰ বিভিন্ন ঠাইত এই অভিযান অব্যাহত থাকিব বুলি জনায় মহকুমা আৰক্ষী বিষয়াজনে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here