Home স্থানীয় জাগুন ৰামনগৰত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ভাং , পলাতক...

জাগুন ৰামনগৰত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ ভাং , পলাতক ব্যৱসায়ী

67
0

লেখাপানীৰ পৰা শৰৎ গগৈ, ১ জুন : দ্ৰুত গতিত বৃদ্ধি পোৱা ড্ৰাগছ, কানি , ভাং আৰু সুৰা অবাধ সেৱনকাৰী আৰু সৰ্বৰাহকাৰী বিৰুদ্ধে লেখাপানী আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও অব্যাহত আছে নিষিদ্ধ ঘোষিত নিচাজাতীয় সামগ্ৰী । উঠি অহা প্ৰজন্মৰ একাংশ যুৱকে নিজে সেৱন কৰাৰ উপৰিও চলাই গৈছে নিষিদ্ধ ঘোষিত নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় । তাৰ মাজতেই কেইবাজনো ড্ৰাগছ আৰু সুৰা সেৱনকাৰীয়ে আসক্ত হৈ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই লেখাপানী জাগুন অঞ্চলটোত জনসাধাৰণক হলঠেকত পেলাইছে । তেনেস্থলত তিনিচুকীয়া জিলাৰ লেখাপানী আৰু জাগুন আৰক্ষীয়ে অভিযান কালত ইতিমধ্যে বহুকেইজন সৰবৰাহকাৰী আটক কৰাৰ উপৰিও নিচাজাতীয় সামগ্ৰী উৎসাত কৰি সফলতা অৰ্জন কৰিছে যদিও বৰ্তমানে বহুতো সৰ্বৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি মাৰি আবাধে নিচাজাতীয় সামগ্ৰী ব্যৱসায় চলাই আহিছে । সোমবাৰে পুৱাই লেখাপানী আৰু জাগুন আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জাগুন ৰামনগৰ গাঁৱত নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই উদ্ধাৰ কৰে প্ৰায় ১৬ কিলোগ্ৰাম ভাং । আৰক্ষীয়ে উদ্ধাৰ কৰা নিচাজাতীয় সমগ্ৰীখিনিৰ ব্যৱসায়ীজন হৈছে ৰামনগৰ নিবাসী নিৰঞ্জন বৰুৱা (৪০) ওৰফে গাহৰি দৌ । লোকজনৰ ঘৰত আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমাণৰ ভাং খিনি। আৰক্ষীয়ে উদ্ধাৰ কৰা নিচাজাতীয় সামগ্ৰী খিনিৰ বজাৰৰ মূল্য পায় ১.৫০ লাখ টকা হব বুলি অনুমান কৰা হৈছে । কুখ্যাত ভাং বেপাৰী নিৰঞ্জন বৰুৱা আৰক্ষী উপস্থিতৰ উমান পোৱাৰ লগে লগে ঘৰৰ পৰা পলাই হাৰে যদিও লেখাপানী আৰু জাগুন আৰক্ষীয়ে নিৰঞ্জন বৰুৱাক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। আনহাতে স্থানীয় ৰাইজে নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে অভিযান চলোৱাত লেখাপানী আৰক্ষীক প্ৰশংসা কৰিছে যদিও এই অঞ্চলত সমূলি নিচাজাতীয় সামগ্ৰী উৎসাত কৰিবলৈ বিভিন্ন জনে আহ্বান জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here