Home Main Stories মহানগৰীত দুটাকৈ এনকাউণ্টাৰ : হাতীগাঁৱত ড্ৰাগ্‌ছ মাফিয়ালৈ আৰক্ষীৰ গুলি আজাৰাত আৰক্ষীৰ গুলিত...

মহানগৰীত দুটাকৈ এনকাউণ্টাৰ : হাতীগাঁৱত ড্ৰাগ্‌ছ মাফিয়ালৈ আৰক্ষীৰ গুলি আজাৰাত আৰক্ষীৰ গুলিত আহত গভাইত চোৰ আকাশদীপ

91
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ ছেপ্টেম্বৰ : মহানগৰীত ড্ৰাগ্‌ছ মাফিয়াৰ দপ্‌দপনি প্ৰতিহত কৰিবলৈ জঁপিয়াই পৰিছে অসম আৰক্ষী। আজি মহানগৰীৰ সহকাৰী আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ দল এটাই ড্ৰাগ্‌ছ মাফিয়াক ভেটা দিবলৈ চেষ্টা কৰে। হাতীগাঁৱৰ সিজুবাৰীৰ মাডাৰ্ছ অল্ড এজ হোমৰ সমীপত কীয়া ছেলটৰ গাড়ীত অহা চাৰিজন ড্ৰাগ্‌ছ সৰবৰাহকাৰীক আগভেটি ধৰে অসম আৰক্ষীয়ে। কিন্তু এনেঅৱস্থাতে আৰক্ষীৰ বাহনত খুন্দিয়াই পলাবলৈ চেষ্টা কৰে ড্ৰাগ্‌ছ সৰবৰাহকাৰী দলটোৱে। এনে অৱস্থাত আৰক্ষীয়ে ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ গাড়ীলৈ লক্ষ্য কৰি কে’বাজাঁই গুলী নিক্ষেপ কৰে। অৱশ্যে বাহনত তীব্ৰ বেগেৰে চাৰিজন সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয়। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ড্ৰাগ্‌ছ সৰবৰাহকাৰী দলটোক কৰায়ত্ত কৰিবলৈ অভিযান চলাইছিল। আৰক্ষী আগভেটি ধৰাৰ বাবে ড্ৰাগ্‌ছ সৰবৰাহকাৰী দলটোৱে ড্ৰাগ্‌ছভৰ্তি বেগটো এৰি পলায়ন কৰে। ড্ৰাগ্‌ছৰ বেগটো খুলি হতভম্ব হয় আৰক্ষী। আৰক্ষীয়ে প্ৰায় ৩৫টা চাবোন কেচত থকা ড্ৰাগ্‌ছখিনি জব্দ কৰে। জব্দ কৰা ড্ৰাগ্‌ছখিনি হেৰ’ইন বুলি চিনাক্ত কৰা হয়। আৰক্ষীয়ে ৩৫টা কেচৰ পৰা ৫০০ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰে, যাৰ আনুমানিক বজাৰ মূল্য ৩.৫ কোটি টকা হ’ব। ইপিনে আজাৰাত ইৰানী গ্ৰুপৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে। কালি নিশা ১১ বজাত আজাৰা আৰক্ষীৰ এটা দলে উহাবড়ীত অভিযান চলাই আকাশদীপ সিং নামৰ এটা গভাইত চোৰক কৰায়ত্ত কৰাৰ পিছত ডকাইতিৰ স্থান চিনাক্ত কৰাৰ বাবে লৈ গৈ থকা অৱস্থাত উহাবড়ীত কৰ্তব্যৰত অসম আৰক্ষীৰ বেটেলিয়নৰ কনিষ্টবল লোহিত শইকীয়াৰ কাৰ্বাইন কাঢ়ি পলায়নৰ চেষ্টা চলায়। এনে অৱস্থাত আৰক্ষীয়ে এজাঁই গুলী চলোৱাত আকাশদীপ সিং গুলিবিদ্ধ হয়। পলাবলৈ চেষ্টা কৰাৰ অৱস্থাত আৰক্ষীয়ে আকাশদীৰ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে। আহত আকাশদীপক আজাৰা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, আকাশদীপ মহিলাৰ সোণৰ চেইন আঁজুৰি চুৰি কৰা কাৰ্যত জড়িত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here