Home অসম ৰাজস্থানত ৰাজনৈতিক অস্থিৰতা অব্যাহত : মুখ্যমন্ত্ৰী অশোক গেহলট গোটৰ ৯০জন বিধায়কৰ পদত্যাগ

ৰাজস্থানত ৰাজনৈতিক অস্থিৰতা অব্যাহত : মুখ্যমন্ত্ৰী অশোক গেহলট গোটৰ ৯০জন বিধায়কৰ পদত্যাগ

204
0

চন্দ্ৰ কুমাৰ শইকীয়া , গুৱাহাটী , ২৬ ছেপ্টেম্বৰ ঃ ৰাজস্থানত হঠাতে উদ্ভৱ হ’ল এক অপ্ৰত্যাশিত ৰাজনৈতিক অস্থিৰতা৷ মুখ্যমন্ত্ৰী গেহলটৰ লগতে তেওঁৰ সমৰ্থক ৯০জন বিধায়কে আজি অধ্যক্ষ চি পি যোশীৰ ওচৰত পদত্যাগপত্ৰ দাখিল কৰে৷ বিশেষকৈ দলীয় হাইকমাণ্ডে শচীন পাইলটক ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ পাছতেই উত্তপ্ত হৈ পৰে ৰাজস্থানৰ ৰাজনীতি৷ কালি আৰু আজি দুদিন ধৰি ৰাজস্থানৰ সংকট দূৰ কৰাৰ বাবে কেইবাজনো জ্যেষ্ঠ নেতাই বৈঠকত মিলিত হয়, কিন্তু আঁকোৰগোজ গেহলটে এৰিব খোজা নাই মুখ্যমন্ত্ৰীৰ পদবী৷ আগন্তুক কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু গেহলট৷ আনহাতে শশী থাৰুৰ আৰু মনীষ তিৱাৰীয়েও সভাপতি পদৰ দৌৰত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাইছে৷ গেহলটে যদি কংগ্ৰেছৰ নিৰ্বাচনত জয়ী হয়, তেতিয়াহ’লে তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবই লাগিব৷ ইফালে ৰাজস্থান চৰকাৰৰ দায়িত্ব কোনে ল’ব সেয়া এতিয়াও অস্পষ্ট হৈয়েই আছে৷ কিন্তু কংগ্ৰেছৰ ভিতৰত যে বিসম্বাদে মূৰ দাঙি উঠিছে সেয়াহে দলটোৰ বাবে অশুভ লক্ষণ৷ উল্লেখযোগ্য যে গেহলটৰ অনুগতসকলে কেবিনেট মন্ত্ৰী শান্তি ধাৰিৱালৰ সৈতে তেওঁৰ বাসগৃহত এখন বৈঠক আয়োজিত কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে পদত্যাগপত্ৰ দাখিল কৰে বিধায়কসকলে৷ ইপিনে ৰাজস্থানৰ অশোক গেহলট নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতিৰ দৌৰ অব্যাহত আছে৷ ইতিমধ্যে সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিছে ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ এআইচিচিৰ সভাপতি হ’লে এৰিব লাগিব মুখ্যমন্ত্ৰীৰ পদ৷ দলীয় নিয়ম অনুসৰি শচীন পাইলটক ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদ দিয়াৰ সম্ভাৱনা আছে৷ পাইলটক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ সম্ভাৱনাৰ পিছতে গেহলটৰ গোটৰ ৯০জন বিধায়কে দাখিল কৰিছে পদত্যাগপত্ৰ৷ পদত্যাগী বিধায়কসকলে মুখ্যমন্ত্ৰী হিচাপে নিবিচাৰে পাইলটক৷ ইফালে কংগ্ৰেছ হাইকমাণ্ডেও অশোক গেহলটক দিছে সেউজ সংকেত৷ ইয়াৰ পিছতে ‘এক ব্যক্তি, এক পদ’ৰ দলীয় নীতিক লৈ আহুকালত পৰা দেখিবলৈ পোৱা গৈছে গেহলটক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here