
কলেজত নামভৰ্তিৰ বাবে নালাগে ইনকাম চাৰ্টিফিকেট-গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ, ৰেচন কাৰ্ড দেখুৱালেই হ’ব বিনামূলীয়া নামভৰ্তি – ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
পঞ্চায়ক নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কংগ্ৰেছক চোকা সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ সূতা-কম্বলৰ পৰম্পৰাক সমালোচনা কৰি বিজেপিৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।কংগ্ৰেছ মানেই লুঙী, কংগ্ৰেছ মানে সূতা-কম্বল। কংগ্ৰেছৰ আঁচনি আছিল লুঙী, আমাৰ অৰুণোদয়। কংগ্ৰেছৰ আঁচনি আছিল সূতা, আমাৰ কলেজত বিনামূলীয়া নামভৰ্তি। কংগ্ৰেছৰ আঁচনি আছিল আঠুৱা, আমাৰ মহিলা উদ্যমিতা। কংগ্ৰেছৰ আঁচনি আছিল কম্বল, আমাৰ নিযুত মইনা। ডিগবৈ আৰু ধেমাজিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অৰুণোদয় আঁচনি দিয়া বাবে কংগ্ৰেছে মোক গালি পাৰি থাকে। বিধানসভাতো কংগ্ৰেছে কৈছে, চৰকাৰে অৰুণোদয় আঁচনি কিয় দিব লাগে? আৰে! মই অৰুণোদয় নিদি এতিয়া লুঙী-ধূতি দিলেহে হ’ব!’’ছাত্ৰ-ছাত্ৰীসকলক লৈও মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ৰেচন কাৰ্ড দেখুৱালেই কলেজত হ’ব বিনামূলীয়া নামভৰ্তি। নালাগে ইনকাম চাৰ্টিফিকেট, নালাগে গাঁওবুঢ়াৰ প্ৰমামপত্ৰ। সকলো কলেজৰ অধ্যক্ষলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।’’