
দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ ৬ টা দিনহে বাকী। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল BJP নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হৈছে।আজি সফলতাৰে অন্ত পৰিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু ৬ টা দিনহে বাকী। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হৈছে।বিজেপিৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী পীযুষ হাজৰীকাই সমষ্টিয়ে সমষ্টিয়ে গৈ ইখনৰ পিছত সিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে। মন্ত্ৰীগৰাকীয়ে প্ৰতিখন প্ৰচাৰ সভাত বিৰোধী দল কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে উন্নয়ন, বিকাশ আৰু সমৃদ্ধিৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনাইছে।আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে মন্ত্ৰীগৰাকীয়ে আজিও কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শক্তিশালী পঞ্চায়তীৰাজ, সমৃদ্ধিশালী অসমৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টিৰ বৰলীয়া ব্লক মণ্ডলৰ উদ্যোগত তৰণীস্থিত আৰিমত্ত মিনি ষ্টেডিয়ামত আজি অনুষ্ঠিত বিজেপি মিত্ৰজোঁটৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰীগৰাকী উপস্থিত থাকি ৰাইজক সম্বোধন কৰে। কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ৬০ বছৰে শাসনৰ গাদীত বহা কংগ্ৰেছ দলে অসমৰ উন্নয়নৰ বাবে একো নকৰিলে বুলি উল্লেখ কৰে। কংগ্ৰেছ দলে অসমত ৬০ বছৰ শাসন কৰি মাত্ৰ ৬ খনহে মেডিকেল কলেজ বনোৱা বুলি ভাষণত উল্লেখ কৰে। ইয়াৰ বিপৰীতে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে প্ৰায় ১০ বছৰত অসমত ১৮ খন মেডিকেল কলেজ বনোৱা বুলি উল্লেখ কৰে। আনহাতে, চাংচাৰিস্থিত এইমছখনক লৈ অসমত বিজেপি চৰকাৰে ১৯ খন মেডিকেল কলেজ বনোৱা বুলি কয়। ভাষণৰ মাজতে মন্ত্ৰীগৰাকীয়ে অহা আগষ্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ শতবৰ্ষ জয়ন্তী উদ্বোধন কৰিবলৈ অসমলৈ আহিব বুলি উল্লেখ কৰি সেইদিনাই প্ৰধানমন্ত্ৰীয়ে দৰঙত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিবলৈ দিয়ে। ইয়াকে লৈ অসমত মেডিকেল কলেজ হ’ব ২০ খন হ’ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে। তেওঁ কয় যে আগতে এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হৈছিল। চিকিৎসা গ্ৰহণৰ বাবে এই অঞ্চলৰ ৰাইজে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ যাব লাগিছিল। কিন্তু আজি সেই পৰিৱেশ নাই, মাত্ৰ ৯ বছৰৰ ভিতৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেই পৰিৱেশ নোহোৱা কৰিলে। মাত্ৰ ৯ বছৰত এই ব্যাপক পৰিৱৰ্তন হ’ল বুলি মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে এনেদৰে বিজেপি চৰকাৰৰ দিনত ৰঙিয়াত হোৱা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে। ৰাস্তা-ঘাটৰ উপৰি ৰঙিয়াত আইন মহাবিদ্যালয়, পিজি কলেজ, ষ্টেডিয়াম, আই টি আই আদি হোৱা তেওঁ বুলি কোৱাৰ লগতে ৰঙিয়া অঞ্চলৰ গৰাখহনীয়া সমস্যাও সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে অসমৰ শিক্ষাৰ ক্ষেত্ৰততো আমূল পৰিৱৰ্তন বিজেপি চৰকাৰে অনা বুলি উল্লেখ কৰে। তেওঁ কয় যে আগতে অসমত ৫ খনহে বিশ্ববিদ্যালয় আছিল, কিন্তু এতিয়া জিলাই জিলাই বিশ্ববিদ্যালয় হ’ল। বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনৰ ক’ত ক’ত বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে তাৰ তথ্যও মন্ত্ৰীগৰাকীয়ে ভাষণত দাঙি ধৰে। মন্ত্ৰীগৰাকীয়ে কৃষক ৰাইজক সকাহ দিয়াৰ কাৰণে ন্যূনতম সমৰ্থন মূল্যত চৰকাৰে ধান ক্ৰয় কৰাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে ৬ মাহ যুঁজ দি ধানত এম এছ পি দিলে। আজিৰ সভা দুখনত ৰাইজৰ বিপুল সঁহাৰি, সমৰ্থন তথা বিজেপি মিত্ৰজোঁটৰ প্ৰতি থকা আস্থা-বিশ্বাস প্ৰত্যক্ষ কৰি মই অভিভূত হৈছোঁ। সভাত বিধায়ক দিগন্ত কলিতা, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাসহ বহুসংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে দক্ষিণ কামৰূপৰ সাতপাৰাৰ দুৰ্গা পূজা মন্দিৰ প্ৰাংগণ আৰু লোহাৰঘাট সাপ্তাহিক বজাৰত আন দুখন বিজেপি মিত্ৰজোঁটৰ পঞ্চায়ত নিৰ্বাচনী সভাত উপস্থিত থাকি ভাষণ দাঙি ধৰে। সভাত অংশ লৈ ৰাইজক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনি, সুবিধাসমূহৰ বিষয়ে সকলোকে অৱগত কৰে। ৰাজ্যৰ তৃণমূল পৰ্যায়ত উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে বিজেপি মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থীসকলক ভোট দি জয়ী কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়। সভাত বিধায়ক হেমাংগ ঠাকুৰীয়া, প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিমাংশু শেখৰ বৈশ্যসহ যথেষ্টসংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে।