
মন্ত্ৰী প্ৰশান্ত ফুকনে পঞ্চায়ত নিৰ্বাচনত বিৰোধী প্ৰায় শূণ্য বুলি মন্তব্য কৰি ৯০ শতাংশতে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী জয়লাভ কৰিব বুলি কয়।
হেঁপাহৰ ৰঙালী বিহুৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে এতিয়া ব্যাপক তৎপৰতা।

মনোনয়ন পত্ৰ দাখিলৰ বাবে এদিন থকা সময়ত আজি ডিব্ৰুগড়ত বিজেপিৰ সমৰ্থিত তিনিজন প্ৰাৰ্থী জিলা পৰিষদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ডিব্ৰুগড় আয়ুক্ত কাৰ্যালয়ত। পূব ডিব্ৰুগড় জিলা পৰিষদৰ বাবে পুস্পাঞ্জলী সোণোৱাল আৰু পশ্চিম ডিব্ৰুগড় জিলা পৰিষদৰ বাবে শান্তনু দুৱৰা আৰু বকুল জিলা পৰিষদৰ প্ৰাৰ্থী নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকি মন্ত্ৰী প্ৰশান্ত ফুকনে পঞ্চায়ত নিৰ্বাচনত বিৰোধী প্ৰায় শূণ্য বুলি মন্তব্য কৰি ৯০ শতাংশতে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী জয়লাভ কৰিব বুলি কয়।

উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাত ২২ খন জিলা পৰিষদ, ৭ খন আঞ্চলিক পঞ্চায়ত আৰু ৯৩ খন গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৯৩০ টা ৱাৰ্ডৰ সদস্য পদৰ বাবে ১১৬৫ টা ভোটগ্ৰহণ কেন্দ্ৰত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।