জাগীৰোড, ২১ নৱেম্বৰ: টোপাতলীত আজি জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতমৰ এটি নতুন মিউজিক ভিডিঅৰ শুভমুক্তি কৰা হয় ৷ এন ডি নিউ আছাম ইউ টিউৱ চেনেলৰ উদ্যোগত ‘আই লাভ ইউ’ শীৰ্ষ মিউজিক ভিডিঅটিৰ শুভমুক্তি দিয়া হয়। অঞ্চলটোৰ সমাজকৰ্মী স্ততিপ্ৰসাদ বৰাই উন্মোচন কৰা অনুষ্ঠানত উপস্থিত যুৱ সাংবাদিক তথা অভিনেতা তুলসী মান্তাই সম্প্ৰতি নৱপ্ৰজন্মই সাংস্কৃতিক দিশেৰে নতুন সৃজনীশীল প্ৰতিভা বিকাশৰ ওপৰত আজিৰ প্ৰজন্মই গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে ৷ শুভমুক্তি অনুষ্ঠানত সমাজকৰ্মী অৰ্জুন উপাধ্যায়ে আজিৰ যুৱপ্ৰজন্নৰ শিল্প-সংস্কৃতিৰ এনে পদক্ষেপক সলাগ লয় ৷ উক্ত অনুষ্ঠানত ৰধিন বড়ো,ৰমেশ দলৈ,ৰাজীৱ দলৈ প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । মিউজিক ভিডিটোৰ কথা-সুৰ আৰু পৰিচালনা বিনোদ দলৈৰ । আনহাতে গীতটোত কণ্ঠ নিগৰাইছে ৰাজবিন বড়োৱে। গীতটিৰ নাম ভূমিকাত কৰিছে জনপ্ৰিয় অভিনেতা ৰাগ ঐনিতম আৰু নবাগতা অভিনেত্ৰী নমিতা দেউৰী,জ্যোতি বৈশ্য কপিন স্বৰ্গীয়াৰী লগতে সাগৰ দেউৰী অমৃত কোঁৱৰ আৰু নবীন প্ৰবীন শিল্পীসকলে। শৰৎ তেৰণে আঁতধৰা সাংগীতিক অনুষ্ঠানত উদীয়মান শিল্পীসকলে দৰ্শক শ্ৰুতা ৰাইজে গীতটো আদৰি ল’ব বুলি আশা প্ৰকাশ কৰে।