Home Main Stories জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ ক’বলগীয়া

জনসংখ্যা নিয়ন্ত্ৰণ আৰু আমাৰ ক’বলগীয়া

285
0

✍️ আশ্ৰাফুল হুছেইন

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুছলমানসকলৰ ‘জন্ম নিয়ন্ত্ৰণ’ প্ৰসংগত ৰাজনৈতিক দৃষ্টিকোণৰ পৰা টিপ্পনী কৰাটো লক্ষ্য কৰা গৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যি দৃষ্টিকোণৰ পৰাই নকওক কিয় এই আহ্বানক আমি আদৰণি জনাইছোঁ আৰু কেইটামান কথা মুক্তভাৱে মুখ্যমন্ত্ৰীক উনুকিয়াই দিব খুজিছোঁ। মুখ্যমন্ত্ৰীয়ে ক’ভিড পৰিস্থিতিত মানৱ অধিকাৰ ভংগ কৰি কৰা উচ্ছেদক ন্যায্যতা প্ৰদান কৰিবলৈ তথাকথিত জনসংখ্যা বিস্ফোৰণৰ কথা কৈ বিষয়টো অন্যফালে ঢাল খুৱাবলৈ চেষ্টা কৰিছে। এটা কথা সকলোৱেই জানো যে শিক্ষিত সমাজত জনসংখ্যা বিস্ফোৰণৰ সমস্যা নাই, বৰঞ্চ প্ৰায় সকলো বৰ্গৰে লোকৰ মাজৰ যিসকল লোক অশিক্ষিত আৰু সচেতনতাৰ অভাৱত আছে তেওঁলোকৰে দৰাচলতে অধিক সন্তান দেখা যায়। মুছলমান সমাজখনৰ এটা ডাঙৰ অংশ যিহেতু উন্নয়নৰ পৰা বহু দূৰত, সেয়ে এই সমাজত অংশবিশেষে এই সমস্যা আছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে কৰিবলগীয়া অৱশ্যেই আছে। তথ্যৰ দৃষ্টিকোণেৰে চালে ২০১৭ চনত ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিয়ে ২০২৫ চনৰ ভিতৰত মুঠ উৰ্বৰতা হাৰ (Total Fertility Rate-) ২.১ প্ৰাপ্ত কৰাৰ বাবে লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰিছিল। অসমে ইতিমধ্যে TFR ২.১ৰ স্তৰ অৰ্জন কৰিছে। ৰাষ্ট্ৰীয় TFR হৈছে ২.২। বিগত দশকত ভাৰতত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ (২০০১-২০১১) হৈছে ১৭.৭ আৰু অসমৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হৈছে ১৭.১। লগতে যোৱা কেইটামান দশকত ই ক্ৰমাৎ হ্ৰাস পাই আহিছে। বিস্ফোৰণটো ক’ত হৈ আছে? হ্ৰাসটো স্বাভাৱিক গতিত হৈ আছে, যদিহে আপুনি ইয়াক ৰাতিটোৰ ভিতৰত সলনি কৰিব নিবিচাৰে। দৰাচলতে যোৱা কেইটামান দশকত বিকাশৰ হাৰ হ্ৰাস পাই আহিছে, আৰু সেয়া সকলো সম্প্ৰদায়ৰ ক্ষেত্ৰতে। যি জনসংখ্যা বিস্ফোৰণৰ ক্ষেত্ৰত কিছু প্ৰত্যাহ্বান আহিছে, সেয়া শিক্ষা আৰু সজাগতাৰ অভাৱৰ বাবেহে হৈছে। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দিষ্ট জনগো‡ীক টাৰ্গেট কৰি লোৱাটো অতিশয় দুৰ্ভাগ্যজনক। অকল অসমৰ সংখ্যালঘু লোকৰ মাজতে নহয়, আৰু বিভিন্ন অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰায় সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ সমান। এই তথ্য আপোনাক কোনেও যোগান ধৰা নাইনে? জন্ম নিয়ন্ত্ৰণৰ বাবে জন্ম নিয়ন্ত্ৰণৰ সচেতনতাৰ লগতে এই ক্ষেত্ৰত শিক্ষা প্ৰদান কৰাটো নিতান্তই প্ৰয়োজন। তদুপৰি স্বাস্থ্য খণ্ডৰ উন্নয়ন জন্ম নিয়ন্ত্ৰণৰ বাবে নিতান্তই প্ৰয়োজন। কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই আপুনি এটা দীৰ্ঘকাল অসমৰ স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু এই দীৰ্ঘকালীন পৰিক্ৰমাত জন্ম নিয়ন্ত্ৰণ আৰু জন্ম নিয়ন্ত্ৰণৰ সচেতনতাৰ ক্ষেত্ৰত আপোনাৰ অধীনস্থ বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিছিল? তথ্যসহকাৰে বিষয়টো ৰাজহুৱা কৰিলে ভাল পাম। আপুনি যিটো জনগোষ্ঠীক টাৰ্গেট কৰিছে, সেই জনগোষ্ঠীৰ লোকে বসবাস কৰা বিভিন্ন ঠাইসমূহৰ স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ পুতৌলগা অৱস্থাৰ খবৰ ৰখাটো জৰুৰী। আপুনি যদি জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সঁচাকৈ পৰিৱৰ্তন আনিব বিচাৰিছে, আমাক উক্ত বিষয়ে আহ্বান কৰাৰ লগতে চৰকাৰৰ মুখীয়াল হিচাপে আপুনিও তলৰ কামকেইটা সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছোঁ।
১) চৰাঞ্চল আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ উন্নীতকৰণ। ২) ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ নিযুক্তি প্ৰদান কৰক। সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত শ শ বিদ্যালয়ত আজিও ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ-পৰিলক্ষিত হয়। ৩) দূৰত্ব অনুপাতে বিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰক। ৪) স্বাস্থ্য কেন্দ্ৰত চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ অভাৱ পূৰণ কৰক। ৫) ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহৰ গৰাখহনীয়া ৰোধ কৰিবলৈ বাস্তৱসন্মত আৰু বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰক। ৬) আজিলৈকে যিমান বিঘা মাটি গৰাখহনীয়াৰ বাবে নদীত জাহ গৈ মানুহবোৰ গৃহহীন হৈছে সেইসকল লোকক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰক। চৰকাৰে উপৰিউক্ত সমস্যাখিনি সমাধান কৰিলে শাসক-বিৰোধী দল কিম্বা কোনো সংগঠনক জন্ম নিয়ন্ত্ৰণৰ বাবে আহ্বান জনোৱাৰ প্ৰয়োজন নহ’ব।

( লেখক চেঙা সমষ্টিৰ বিধায়ক )

LEAVE A REPLY

Please enter your comment!
Please enter your name here