Home শিৱসাগৰ ডাক ঘৰৰ গ্ৰাহকৰ চেভিং একাউণ্টৰ ধন হৰলুকি , শিৱসাগৰত তীব্ৰ চাঞ্চল্য

ডাক ঘৰৰ গ্ৰাহকৰ চেভিং একাউণ্টৰ ধন হৰলুকি , শিৱসাগৰত তীব্ৰ চাঞ্চল্য

191
0

গণ বার্তা,শিৱসাগৰ,২৯ছেপ্টেম্বৰ: শিৱসাগৰৰ স্থিত ৰংঘৰ চাৰি আলিৰ বাসিন্দা ইনু বেগম নামৰ এগৰাকী মহিলাই শিৱসাগৰ মুখ্য ডাক ঘৰৰ কাৰ্যালয়ৰ অন্তৰ্গত জয়সাগৰ শাখা ডাক ঘৰত ১৮৫৮৯২৮৬২১ নম্বৰৰ নিজৰ চেভিং একাউন্টৰ পৰা শেষ বাৰৰ বাবে যোৱা ১৮-০১-২০২১ তাৰিখৰ দিনা সাঁচতীয়া ধনৰ ২০ হাজাৰ টকা প্ৰয়োজন সাপেক্ষেওলিয়াই নিছিল জমা আছিল ২২০০০(বাইশ হাদাৰ) টকা পুনৰ প্ৰয়োজনত সাঁচতীয়া ধন উলিয়াবলৈ গৈ  সেই চেভিং একাউন্টত সাঁচিতীয়া ধনৰ ২২ হাজাৰ টকাৰ পৰিবৰ্তে মাত্ৰ ৭৬২ জমা আছে বুলি  কোৱাত মহিলা গ্ৰাহক গৰকীয়ে হতভম্ব হৈ পৰে। ইনু নামৰ মহিলা গ্ৰাহক গৰাকীৰ  সাঁচতীয়া ধনৰ ২২ হাজাৰ টকা মহিলা গৰাকী অজ্ঞাতে একাউন্টৰ পৰা হৰলুকী হোৱাৰ অভিযোগ উত্থাপন কৰিছে।ঘটনাটোৰ সন্দৰ্ভত গ্ৰাহক মহিলা গৰাকীৰ পৰিয়াল বৰ্গৰ ল ডাক ঘৰৰ কৰ্মচাৰীৰ সৈতে ধন হৰলুকি কৰাৰ দুষ্ট চক্ৰ জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে।ঘটনা বিবৰণী আৰু উত্থাপিত অভিযোগ অনুসৰি মহিলা গ্ৰাহক গৰাকীয়ে নিজৰ চেভিং একাউন্টৰ ন্সাঁচতীয়া ধনৰ ২২ হাজাৰ টকা মহিলা গৰাকীৰ অজ্ঞাতে হৰলুকী হোৱাৰ বিষয়ে ৩০-৮-২০২১ তাৰিখে সঠিক তদন্ত কৰি জমা থকা ধন খিনি  পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ বাবে লিখিত ভাৱে ডাক ঘৰৰ মুখ্য কাৰ্যালয়ৰ কতৃপক্ষক অভিযোগ পত্ৰ দাখিল কৰিছিল। অভিযোগ পত্ৰ দাখিল কৰা এমাহ ওকলি যোৱাৰ পাছতো ডাক ঘৰৰ কতৃপক্ষই সঠিক তদন্তৰ নামত কোনে… কেনেকৈ… ভূক্তভোগী মহিলা গ্ৰাহক গৰাকীৰ চেভিং একাউন্টৰ পৰা জমা ধন খিনি হৰলুকী কৰিলে,,…তাৰ সঠিক তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ নামত চুড়ান্ত হেমাহি কৰাৰো অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীৰ লগতে ভূক্ত ভোগী পৰিয়াল বৰ্গয়ে। আনহাতে মহিলা গৰাকী আৰু পৰিয়াল বৰ্গৰ বিস্ফোৰক ভাষ্য অনুসৰিঃ- অভিযোগ পত্ৰ দাখিল কৰা ঘটনাটোৰ সন্দৰ্ভত তদন্ত কাৰী বিষয়াই ফোন যোগে তেওঁলোকক অৱগত কৰি কয় যে শিৱসাগৰ ডাকঘৰৰ পৰা হৰলুকি কৰা দুজন ব্যক্তিক চিনাক্ত কৰিছে বুলি  কৈছে। চিনাক্ত ব্যক্তি ক্ৰমে, মেৰাজ আহমেদ আৰু ফাৰুক আহমেদ নামৰ দুজন ব্যক্তিয়ে শিৱসাগৰ ডাক ঘৰৰ পৰা মাক্স পৰিধান কৰি শিৱসাগৰ ডাক ঘৰৰ মুখ্য কাৰ্যালৰ পৰা উলিয়াই নিছে এই কথা ফোন যোগে জনায় বুলি সংবাদ মাধ্যক সদৰি কৰে।অন্যহাতে ভূক্ত ভোগী মহিলা গৰাকীক কাৰ্যালয়লৈ মাতি ফোন যোগে কাৰ্যালয়লৈ মতা হয় আৰু হৰলুকি হোৱাৰ সন্দৰ্ভত তদন্ত কাৰী বিষয়াই মহিলা গৰাকীক উকা কাগত স্বাক্ষৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে চেভিং একাউন্টৰ পাচ বুক’আৰু জমা ধন ওলোৱা- সোমোৱা কৰা ফৰ্মত স্বাক্ষৰ কৰাৰ সন্দৰ্ভতো কেইবাটাওঁ বিস্খোৰক অভিযোগ উত্থাপিত কৰে ভূক্ত ভোগী মহিলা আৰু তেওৰ পৰিয়াল বৰ্গয়ে।এই ক্ষেত্ৰত ডাক ঘৰৰ কতৃপক্ষই উকা কাগজত স্বাক্ষ কৰাৰ সন্দৰ্ভত আৰু  সঠিক তদন্ত কৰি প্ৰকৃত ৰহস্য উদঘাটন কৰিব বুলি অৱগত কৰে সংবাদ মাধ্যমক। যদিও মহিলাৰ পৰিয়াল বৰ্গৰ ভাষ্য আৰু কতৃপক্ষৰ সঠিক তদন্তৰ পিছতহে সময়তে সমগ্ৰ বিষয়টো  স্পষ্ট হ’ব।আনহাতে ধন ভুক্ত ভোগী মহিলা গৰাকীয়ে আৰু পৰিয়াল বৰ্গই কতৃপক্ষয়ে উচিত তদন্ত কৰি হৰলুকী হোৱা ধন জমা নাপালে আৰক্ষীৰ কাষ চাপিব বুলি আশ্চৰ্য আৰু ক্ষোভ প্ৰকাশ কৰে সংবাদ মাধ্যমৰ যোগেদি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here