Home Main Stories মাজুলীত উপস্থিত বিদ্যুত মন্ত্ৰী বিমল বৰা : কভিড টিকাকৰন কেন্দ্ৰ পৰিদৰ্শন

মাজুলীত উপস্থিত বিদ্যুত মন্ত্ৰী বিমল বৰা : কভিড টিকাকৰন কেন্দ্ৰ পৰিদৰ্শন

148
0

সনজিৎ কুমাৰ অভয়পুৰীয়া, ফুলনি , ২২ জুন : অসম চৰকাৰৰ শক্তি মন্ত্ৰী তথা মাজুলী বিধান সভা সমষ্টিৰ অভিভাৱক মন্ত্ৰী বিমল বৰা মাজুলীৰ বিভিন্ন দিশ বুজ লোৱা আৰু পৰ্যালোচনাৰ উদ্দেশ্যে আজি বিয়লি মাজুলীত উপস্থিত হয় ৷ মাজুলীত উপস্থিত হৈয়ে মন্ত্ৰী জনে পোনে পোনে সাম্প্ৰতিক কভিড পৰিস্থিতিত মাজুলীৰ জনসাধাৰণক চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰা কভিড টিকাকৰন কেন্দ্ৰ পৰিৰ্দশন কৰি সাংবাদিকৰ আগত মন্ত্ৰী গৰাকীয়ে আমাৰ চৰকাৰৰ তৰফৰ পৰা অসমৰ প্ৰতিজন ব্যক্তিকে কভিড-১৯ ৰ ভেকচিন দিব পাৰি তাৰ বাবে কালিৰে পৰা ইনতেনচিফ ভেকচিনেচন দ্ৰাইভ আৰম্ভ হৈছে। প্ৰতিদিনাই প্ৰায় তিনি লাখ লোকক ভেকচিন দিব পৰা যায় তাৰ লক্ষ্য বান্ধি লোৱাৰ সমান্তৰালকৈ মাজুলীৰ আহতগুৰি দক্ষিণ আহতগুৰি পঞ্চায়তকে ধৰি মুঠ ৩১ টা ভেকচিন কেন্দ্ৰত প্ৰতিদিনাই ১৮ বছৰ ওপৰৰ আৰু ৪৫ বছৰ তলৰ পাচঁ হাজৰকৈ লোকক ভেকচিন দিয়া কাম আৰম্ভ হৈছে। আৰু আমাক ৰাজ্যৰ মূখ্যমন্ত্ৰী জনে ৰাজ্য খনৰ সকলো উপায়ুক্তৰ লগত আলোচনা কৰি কি দৰে সুচাৰূপে ভেকচিন প্ৰক্ৰিয়াৰ কাম ক্ষিপতাৰে আগবঢ়াব পাৰি তাৰ বাবে দায়িত্ব আৰোপ কৰিছে। সেই দায়িত্ব পালন কৰি আজি মই মাজুলীত উপস্থিত হৈ মাজুলীৰ ভেকচিন চেন্টাৰ সমূহ চোৱাচিতা কৰিছোহি। মন্ত্ৰী গৰাকীয়ে মাজুলী জেংৰাই মূখ হাই স্কুলৰ কভিড টিতাকৰন কেন্দ্ৰ, ফুলনি হাইস্কুল কভিড টিকাকৰন কেন্দ্ৰ, বৰগুৰি -যোৰবিল হাই স্কুল টিকাকৰন কেন্দ্ৰ পৰিদৰ্শন কৰি কৰ্মৰত স্বাস্থ্য বিভাগৰ নাৰ্চ কৰ্মচাৰী কভিড ভেকচিন গ্ৰহণ কৰা ৰাইজৰ লগত মত বিনিময় কৰে। আনহাতে বিদ্যুত যোগানৰ বিভিন্ন দিশ সন্দৰ্ভত সাংবাদিকে শুধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় বিদ্যুত আমাৰ সকলোকে প্ৰয়োজন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল পাঠদানৰ ক্ষেত্ৰত বিদ্যুত লাগে, উদ্যোগৰ বাবে বিদ্যুত লাগে, কৃষি ক্ষেত্ৰৰ বাবে বিদ্যুত লাগে। অসমৰ সামগ্ৰীক উন্নয়নৰ ক্ষেত্ৰত সহজ লভ্য বিদ্যুতৰ উৎপাদন অতি প্ৰয়োজন। আৰু এই চৰকাৰ খনে ৰাইজৰ সৰ্বস্তৰৰ লোকক স্পৰ্শ কৰিব পৰাকৈ শিক্ষা কৃষিৰ পৰা আৰম্ভ কৰি উদ্যোগী কৰনলৈকে পৰ্যাপ্ত বিদ্যুত যোগান ধৰিবলৈ হলে সকলোৱে বিদ্যুত চুৰি কাৰ্যৰ পৰা আতৰি থাকিব লাগিব। বিদ্যুত চুৰি দৰে থেক গণ্ডি মানসিকতা পৰিহাৰ কৰিব লাগিব৷ তেতিয়াহে চৰকাৰ খনে ২৪ ঘন্টাই ৰাইজক বিদ্যুত যোগান ধৰিব পাৰিব। ইফালে মন্ত্ৰী জনে নিৱনুৱা সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰ খনে বছৰত ১ লাখকৈ শিক্ষিত নিৱনুৱাক কৰ্ম সংস্থাপন দিয়াৰ লক্ষ লৈ কাৰ্যকৰণৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে। ইফালে অসমক ক্ৰীড়াৰ ক্ষেত্ৰত সকলো যুৱক-যুৱতীক আগবঢ়াই নিয়াৰ স্বাৰ্থত প্ৰায় পাচঁশ খনৰো অধিক সৰু , বৰ ষ্টেডিয়াম নিৰ্মাণ আৰু আধুনিকীকৰণৰ ব্যৱস্থা মূখ্যমন্ত্ৰী সমগ্ৰ গ্ৰামোনয়ন আচঁনিৰ অধীনত সামৰি লৈছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। আৰু এই সমূহ ষ্টেডিয়ামত গ্ৰাম্য অঞ্চলৰ যুৱক-যুৱতীসকলে বিভিন্ন ক্ৰীড়াৰ অনুশীলনৰ জড়িয়তে নিজক আগুৱাই নিব পাৰিব বুলি ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ ইফালে সন্ধিয়া মন্ত্ৰী গৰাকীয়ে মাজুুলী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত বিক্ৰম কৈৰীৰ সৈতে প্ৰশাসনিক বিষয়া , স্বাস্থ্য বিভাগৰ বিষয়া , প্ৰতিষেধক প্ৰক্ৰিয়াৰ সৈতে জড়িত স্বাস্থ্য কৰ্মীৰ সৈতে মত বিনিময় কৰি টিকাকৰন প্ৰক্ৰীয়া টো সুচাৰুৰূপে সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here