Home উত্তৰ পূৰ্বাঞ্চল পুনৰ অশান্ত মণিপুৰ , ইম্ফলত শক্তিশালী আই ই ডি বিস্ফোৰণ

পুনৰ অশান্ত মণিপুৰ , ইম্ফলত শক্তিশালী আই ই ডি বিস্ফোৰণ

425
0

ইম্ফল, ৫ মে’ ঃ ইম্ফলত আজি এটা শক্তিশালী আই ই ডি বিস্ফোৰণে কঁপাই তোলে মণিপুৰৰ৷ পশ্চিম ইম্ফলৰ নাগামাপাল লামাবাম লেইকাই অঞ্চলত আজি পুৱা সংঘটিত হয় উক্ত বিস্ফোৰণ৷ অৱশ্যে বিস্ফোৰণত কোনো লোক হতাহত হোৱাৰ তথ্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই৷ লেইকাই লেইৰাক মেচিনত অৱস্থিত সচিতা কাৰ হাউছ নামৰ এখন গাড়ীৰ স্পেয়াৰ পাৰ্টছ আৰু আনুষংগিক সামগ্ৰীৰ দোকান এখনৰ সন্মুখত পুৱা প্ৰায় ৩.৩০ বজাত সংঘটিত হয় উক্ত বিস্ফোৰণটো৷ আৰক্ষীৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি, সচিতা কাৰ হাউছৰ স্বত্বাধিকাৰী মন্ত্ৰী পুখুৰীৰ বাসিন্দা প্ৰকাশ ছেত্ৰী৷ উক্ত বিস্ফোৰণটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ আৰক্ষীৰ লগতে ফৰেনছিক বিভাগ আৰু মণিপুৰ আৰক্ষীৰ বোমা বিশেষজ্ঞৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ বিস্ফোৰণৰ ফলত কাৰ হাউছটোৰ লগতে কাষতে থকা পাৰ্কিট পইণ্টটোৰ বিস্তৰ ক্ষতি হয়৷ অৱশ্যে এইপৰ্যন্ত কোনোৱে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here