Home Main Stories বিধায়ক প্ৰদীপ সৰকাৰৰ খহনীয়া অঞ্চল পৰিভ্ৰমন ক্ষিপ্ৰতাৰে কাম কৰিবলৈ বিভাগীয় বিষয়াক...

বিধায়ক প্ৰদীপ সৰকাৰৰ খহনীয়া অঞ্চল পৰিভ্ৰমন ক্ষিপ্ৰতাৰে কাম কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ

102
0

গণবাৰ্তা,যোগীঘোপা, ২৮ মে’ : আজি বঙাইগাওঁজিলাৰ অভয়াপুৰী দক্ষিন বিধান সভা সমষ্টিৰ অন্তৰ্গত ডুবাচুৰী,মধুফল,পাচনীয়া-মোহনপুৰ আদি নৈ-পৰীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়া অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লয় স্থানীয় বিধায়ক প্ৰদীপ সৰকাৰে | লগতে সমস্যাৰ ওপৰত স্থানীয় ৰাইজৰ সৈতে এক আলোচনাত মিলিত হয় বিধায়ক গৰাকীয়ে | খহনীয়াস্থলী সমুহ পৰিদৰ্শনৰ সময়ত সৃজনগ্ৰাম চক্ৰ বিষয়া শ্ৰীযুত সুভ্ৰম আদিত্য বৰা, টাপাট্টাৰী খণ্ড উন্নয়ণ বিষয়া আৰু জল সম্পদ বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে |উল্লেখ্য যে, অঞ্চল সমূহত আই নদী,মানাহ,বেঁকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল সোঁতে ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰিছে | খহনীয়া অঞ্চল সমুহ পৰিদৰ্শন কৰি বিধায়ক প্ৰদীপ সৰকাৰে খহনীয়া ৰোধ কৰাৰ বাবে বিভাগীয় কতৃপক্ষক ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে | খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সৰ্ব্বোতো প্ৰকাৰে সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে | ইপিনে যোগীঘোপাৰ চটপাৰাতো ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰত্যেক বছৰৰ দৰে এইবেলিও খহনীয়াৰ সৃষ্টি কৰিছে | খহনীয়াই গাওঁখনৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে | এই সময়ত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে গাওঁ খন নৈত বিলীন হোৱাৰ সম্ভাৱনাই দেখা দিছে |

LEAVE A REPLY

Please enter your comment!
Please enter your name here