Home ৰাজনীতি কংগ্ৰেছত যোগদান নকৰে ‘প্ৰশান্ত কিশোৰে’

কংগ্ৰেছত যোগদান নকৰে ‘প্ৰশান্ত কিশোৰে’

434
0

নতুন দিল্লী, ২৬ এপ্ৰিল : দেশৰ নিৰ্বাচনৰ ৰণনীতিকাৰক তথা ৰাজনীতিৰ স’তে ওতপ্ৰোতভাৱে জড়িত থকা প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান নকৰে বুলি আজি ঘোষণা কৰিছে৷ কংগ্ৰেছত প্ৰশান্ত কিশোৰে যোগদান কৰিব বুলি ব্যাপক চৰ্চা লাভ কৰি থকাৰ সময়ছোৱাতেই নিৰ্বাচনৰ ৰণনীতিকাৰকগৰাকীয়ে এই দলটোত যোগদান নকৰে বুলি ঘোষণা কৰে৷ একেদৰে কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাইও স্পষ্ট কৰিছে যে প্ৰশান্ত কিশোৰে যোগদান নকৰে কংগ্ৰেছত৷ টুইটাৰৰ জৰিয়তে প্ৰশান্ত কিশোৰে উল্লেখ কৰিছে যে ই এ জি [এমপাৱাৰ্ড একক্সন গ্ৰুপ]ৰ অংশ হিচাপে কংগ্ৰেছত যোগদান কৰা আৰু দলটোৰ নিৰ্বাচনৰ দায়িত্ব লোৱাৰ প্ৰস্তাৱ নাকচ কৰিছোঁ৷ তেওঁ কয়– দলটোক মোৰ তুলনাত তেওঁলোকৰ সাময়িক ইচ্চাশক্তিয়ে অধিক প্ৰয়োজন৷ ইচ্চাশক্তি অবিহনে দলটোত পৰিৱৰ্তন আনিব পৰা নাযায়৷ শেহতীয়াকৈ প্ৰশান্ত কিশোৰে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে কেনেধৰণে আগবাঢ়িব লাগে সেই সন্দৰ্ভত এক প্ৰেজেণ্টেচন উপস্থাপন কৰিছিল কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধীকে ধৰি দলটোৰ শীৰ্ষ নেতৃত্বৰ সন্মুখত৷ তেওঁ ২০২৪১ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ছোৱাত কেনেধৰণে মিত্ৰজোঁট গঢ়িব লাগে তাৰ এক খতিয়ান তুলি ধৰিছিল৷ তেওঁ পৰামৰ্শ আগবঢ়াইছিল যে যিসমূহ ৰাজ্যত কংগ্ৰেছৰ ভেটি শক্তিশালী নহয়, সেইসমূহ ৰাজ্যত আঞ্চলিক দলৰ সৈতে মিত্ৰতা গঢ়ি তুলিব লাগে আৰু আঞ্চলিক দলটোক অধিক অগ্ৰাধিকাৰ দিব লাগে৷ প্ৰশান্ত কিশোৰৰ এনেসমূহ মন্তব্য আৰু সঘনাই কংগ্ৰেছৰ নেতৃত্বৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ বাবে এক চৰ্চাৰ বিষয় হৈ পৰিছিল যে তেওঁ শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰিব৷ কিন্তু আজি স্পষ্ট কৰিছে যে তেওঁ কংগ্ৰেছত যোগদান নকৰে৷ প্ৰশান্ত কিশোৰৰ টুইটৰ প্ৰতিক্ৰিয়া স্বৰূপে কংগ্ৰেছৰ মুখপাত্ৰ সূৰ্যেৱালাই উল্লেখ কৰিছে যে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে একক্সন গ্ৰnপ ২০২৪ গঠন কৰে৷ সূৰ্যেৱালাই কোৱা অনুসৰি ছোনিয়া গান্ধীয়ে প্ৰশান্ত কিশোৰক ‘এ’ গ্ৰু¸পৰ অংশ হিচাপে দলটোত যোগদান কৰিবলৈ আহ্বান জনাইছিল৷ লগতে তেওঁক কিছু দায়িত্ব অৰ্পণৰো এক সিদ্ধান্ত লোৱা হৈছিল৷ সূৰ্যেৱালাই প্ৰকাশ কৰিছে প্ৰশান্ত কিশোৰে কংগ্ৰেছৰ প্ৰস্তাৱসমূহ নাকচ কৰিছে আৰু দলটোত যোগদান নকৰে বুলি ঘোষণা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here