
ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৬ মে’ : সমগ্ৰ ৰাজ্যত ক’ৰোণা মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ লগতে নগাঁও জিলাতো ক’ৰোণা আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। জিলাখনৰ ৰূপহীহাট সমষ্টিৰ জুৰীয়াতো ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। অঞ্চলটোত ক’ভিড পজিটিবৰ সংখ্যা বৃদ্ধি পোৱাত ইয়াক নিয়ন্ত্ৰণকলৈ অনাৰ বাবে তৎপৰ হৈছে স্বাস্থ্য বিভাগৰ লগতে স্থানীয় বিধায়ক নুৰুল হুদা। জুৰীয়াত প্ৰতিদিনে কভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি জুৰীয়াত এটা ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰিবলৈ জিলা উপায়ুক্তক এখন লিখিত পত্ৰ প্ৰেৰণ কৰিছিল। যাৰ বাবে জুৰীয়া মহাবিদ্যালয়খন এখন কভিড কেয়াৰ চেন্টাৰ স্থাপনৰ অনুমোদন দিছে উপায়ুক্তই। ৭০খন বিছনাযুক্ত ক’ভিড কেয়াৰ চেন্টাৰটো স্থাপনৰ প্ৰস্তুতিৰ ব্যৱস্থাৰ বুজ লোৱাৰ বাবে কলেজখনত আজি দুপৰীয়া উপস্থিতত হয়হি বিধায়কগৰাকী। তেওঁ কভিড ৰোগীৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ সুবিধা উপলব্ধ কৰিববলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। তেওঁ ক’ৰোণাত আক্ৰান্ত সকলোৰে আশু আৰোগ্য কামনা কৰি ইয়াৰ সংখ্যা যাতে আৰু অধিক বৃদ্ধি নহয় তাৰ বাবে সকলোকে সজাগ আৰু সচেতনতা অবলম্বন কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়।