Home অসম ৰাজ্যত জৈৱিক ইথানল উৎপাদনৰ প্ৰস্তুতি : নুমলীগড় শোধনাগাৰত স্থাপন কৰা হ’ব প্ৰকল্প,...

ৰাজ্যত জৈৱিক ইথানল উৎপাদনৰ প্ৰস্তুতি : নুমলীগড় শোধনাগাৰত স্থাপন কৰা হ’ব প্ৰকল্প, জলমাৰ্গেৰে ৰাজ্য পালেহি বৃহৎ বৃহৎ যন্ত্ৰাংশ

224
0



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ ফেব্ৰুৱাৰী:
ৰাজ্যত ইতিমধ্যে ১০ শতাংশ ইথানল মিশ্ৰিত পেট্ৰ’ল বিক্ৰী আৰম্ভ হৈছে৷ ইন্ধনৰ সৈতে ইথানল মিশ্ৰিত পেট্ৰ’ল ব্যৱহাৰ কৰি ইন্ধনৰ চাহিদা পূৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷ ৰাজ্যত জৈৱিক ইথানলৰ প্ৰস্তুতি সম্ভাৱনীতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে৷ উল্লেখ্য যে অসমত প্ৰচুৰ পৰিমাণে বাঁহ উৎপাদন হয়৷ এই বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰাৰ বাবে এতিয়া আগবাঢ়িছে ৰাজ্য৷ ইয়াৰ বাবে নুমলীগড় শোধনাগাৰত বিশেষ প্ৰকল্প গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখ্য যে এই প্ৰকল্পৰ বাবে প্ৰয়োজনীয় যন্ত্ৰাংশ ইতিমধ্যে জলমাৰ্গেৰে ৰাজ্যত উপস্থিত হৈছে৷ চীনৰ ছাংহাইৰ পৰা সাগৰীয় মাৰ্গেৰে কলকাতাত উপস্থিত হোৱাৰ পিছত বাংলাদেশ-ধুবুৰী হৈ ব্ৰহ্মপুত্ৰৰ বুকুয়েদি আজি শিলঘাটত উপস্থিত হয় দুটাকৈ ডাইজেষ্টাৰ৷ উল্লেখ্য যে দুদিন পূৰ্বে আন দুটা ডাইজেষ্টাৰ কলকাতাত উপস্থিত হৈছেহি৷ লক্ষ্যণীয় যে ফিনলেণ্ডৰ এটা কোম্পানীৰ পৰা এই বৃহৎ বৃহৎ যন্ত্ৰাংশ অনা হৈছে৷ আজি শিলঘাটত ২৬০ মেট্ৰিকটন ওজনৰ ডাইজেষ্টাৰ দুটা নমাই স্থলপথেৰে নুমলীগড়লৈ নিয়া হ’ব৷ লক্ষ্যণীয় ৰাজ্যত কাগজকল বন্ধ হোৱাৰ পিছত উৎপাদিত বাঁহৰ ব্যৱহাৰৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰে পৰিকল্পনা প্ৰস্তুত কৰিছিল৷ ইয়াৰ বাবে নুমলীগড় শোধনাগাৰত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰাৰ এক প্ৰকল্প স্থাপনৰ পৰিকল্পনা হাতত লৈছিল৷ প্ৰায় ৩,২৫০ কোটি টকা বিনিয়োগ সাপেক্ষে আছাম বায়’ৰেফেইনাৰী প্ৰাইভেট লিমিটেডে প্ৰকল্পটো ৰূপায়ণ কৰিব৷ ইতিমধ্যে এই প্ৰকল্পত ৬২.জ্জ্ব শতাংশ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে৷ ইয়াৰ বাবে ফিনলেণ্ডৰ দুটা কোম্পানীৰ সৈতে চুক্তি সম্পাদন কৰা হৈছে৷ নুমলীগড় শোধনাগাৰে ৫০ শতাংশ আৰু বিদেশী কোম্পানী দুটাই ৫০ শতাংশ বিনিয়োগেৰে বাঁহৰ চেলুল’জৰ পৰা গ্লুক’জ প্ৰস্তুত কৰি ইয়াক পচাই ইথানল উৎপাদন কৰিব৷ উল্লেখ্য যে এই প্ৰকল্প কাৰ্যক্ষম হ’লে ৰাজ্যৰ লাখ লাখ খেতিয়কে বাৰীৰ বাঁহজোপা বিক্ৰী কৰি আৰ্থিকভাৱে টনকীয়াল হ’ব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here