Home Main Stories কলগাছিয়াত ”দৈনিক গণ অধিকাৰ” কাকতৰ বৰ্ষপূৰ্ত্তি উদযাপনৰ প্ৰস্তুতি

কলগাছিয়াত ”দৈনিক গণ অধিকাৰ” কাকতৰ বৰ্ষপূৰ্ত্তি উদযাপনৰ প্ৰস্তুতি

243
0

গণবাৰ্তা,কলগাছিয়াযজনীয়া, ২৫ জুলাই :

গুৱাহাটীৰ পৰা প্ৰকাশিত ‘মূক জনতাৰ মুক্ত কণ্ঠ’ স্বৰূপ ‘দৈনিক গণ অধিকাৰ ‘কাকতে অহা ১ আগষ্টত ২৮ তম বৰ্ষত ভৰি দিব। সেয়েহে গৌৰৱোজ্জ্বল অবিৰত যাত্ৰাৰ ২৭টা বছৰ সম্পূৰ্ণ হোৱাত কাকতখনৰ বৰ্ষপুৰ্ত্তি উদ্‌যাপনৰ বাবে পুৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। তদুপলক্ষে আজি কলগাছিয়া পুথিভৰালত নৱজ্যোতি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম মোজ্জাম্মিল হুছেইনৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। উক্ত সভাত উদ্দেশ্য ব্যাখ্যা কৰে জ্যেষ্ঠ সাংবাদিক আলতাব হুছেইনে। সভাত দৈনিক গণ অধিকাৰৰ মুখ্য সম্পাদক খবিৰ আহমেদৰ উপস্থিতিত এখন উদ্‌যাপন কমিটি গঠন কৰা হয়। উক্ত সভাত বিভিন্ন জনৰ পৰামৰ্শৰ অন্তত সাংসদ আব্দুল খালেক, বিধায়ক হাফিজ ৰফিকুল ইছলাম,অৱসৰপ্ৰাপ্ত অধ্যক্ষ এম মোজ্জাম্মিল হুছেইন, মৌলানা আব্দুল হামিদ, দেৱেন দাস আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুলাল চন্দ্ৰ বসাক উপদেষ্টা আৰু চিকিৎসক নজিৰুল ইছলামক সভাপতি, আব্দুল মালেকক মুখ্য সম্পাদক, আতোৱাৰ ৰহমানক উপ সভাপতি আলতাব হুছেইনক কাৰ্য্যকৰী সভাপতি, আলহাজ আব্দুল হাইক সম্পাদক হিচাপে লৈ মুঠ ১১ জনীয়া অভ্যৰ্থনা কমিটি গঠন কৰা হয়। অহা ১ আগষ্টত কলগাছিয়া ফখৰুদ্দিন আলী আহমেদ প্ৰেক্ষাগৃহত অনুষ্ঠিতব্য দৈনিক গণ অধিকাৰৰ বৰ্ষপূৰ্ত্তি অনুষ্ঠানত গণ অধিকাৰৰ পৰিয়ালৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা উদযাপন কমিটিয়ে আন্তৰিকতাৰে কামনা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here