Home Uncategorized পাকিস্তানত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি: নিৰ্বাচন আয়োগলৈ ৰাষ্ট্ৰপতি আৰিফ আলভিৰ পত্ৰ

পাকিস্তানত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি: নিৰ্বাচন আয়োগলৈ ৰাষ্ট্ৰপতি আৰিফ আলভিৰ পত্ৰ

140
0


ইছলামাবাদ, ৬ এপ্ৰিল: শ্ৰীলংকাৰ লেখীয়া পাকিস্তানতো ৰাজনৈতিক অস্থিৰতা অধিক বৃদ্ধি পাইছে৷ উচ্ছতম ন্যায়ালয়ে ইমৰান খান চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱ নাকচ কৰা আৰু ৰাষ্ট্ৰীয় সভা ভংগ কৰাৰ গোচৰৰ শুনানি আৰম্ভ কৰিছে৷ ইফালে পাকিস্তানৰ ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে নিৰ্বাচন আয়োগলৈ এখন পত্ৰ লিখিছে৷ পত্ৰখনত ৰাষ্ট্ৰপতিয়ে ৯০ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কৈছে৷ ইপিনে ইয়াৰ পূৰ্বে উচ্ছতম ন্যায়ালয়ৰ বাহিৰত এখন সংবাদমেলৰ সময়ত সাংসদ ফাৱাদ চৌধুৰীয়ে সংবাদ মাধ্যমৰ সৈতে তৰ্কত লিপ্ত হয়৷ ইয়াৰ পিছতে সাংবাদিকসকলে ফাৱাদ চৌধুৰীৰ পৰা ক্ষমা বিচাৰি সন্মিলন বৰ্জন কৰে৷ আনহাতে, ইমৰানে উচ্ছতম ন্যায়ালয়ক তেওঁৰ চৰকাৰ কৰ্তনৰ বিদেশী ষড়যন্ত্ৰৰ তদন্ত কৰিবলৈ দাবী জনাইছে৷ ইয়াৰ বাবে, তেওঁ ন্যায়াধীশ আয়োগ গঠনৰ বাবে আবেদন জনাইছে৷ ইমৰান খানে দেশবাসীলৈ সম্বোধন কৰা এক বাৰ্তাত দাবী কৰে যে ৰাষ্ট্ৰীয় সুৰক্ষা সমিতিৰ বৈঠকত সেনা আৰু আই এছ আইৰ মুৰব্বীসকল উপস্থিত আছিল আৰু এই বৈঠকত তেওঁ প্ৰমাণ হিচাপে বিদেশী ষড়যন্ত্ৰ থকা এখন পত্ৰ দাখিল কৰে৷ খানে দাবী কৰে যে সেনা আৰু কুখ্যাত চোৰাংচোৱা সংস্থাইও স্বীকাৰ কৰে যে ইমৰান চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ আঁৰত বিদেশী শক্তিৰ হাত আছে৷ অৱশ্যে, সংবাদ সংস্থাটোৰ সৈতে হোৱা বাৰ্তালাপত সেনাৰ শীৰ্ষ বিষয়াসকলে স্পষ্ট কৰি দিছে যে চৰকাৰখন ম্যাদ কমাই অনাৰ ক্ষেত্ৰত কোনো বিদেশী শক্তিৰ হাত নাই৷ এজন সেনা জেনেৰেলৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত কয় যে ২৭ মাৰ্চলৈকে চৰকাৰে এই সন্দৰ্ভত যি মন্তব্য দিছে তাৰ সৈতে আমি একমত নহয়৷ সেনা প্ৰধানজনে ইমৰান আৰু উপাধ্যক্ষৰ বক্তব্যও নাকচ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here