Home Main Stories কাৰবি আংলঙৰ তিনি আৰক্ষী কনিষ্টবললৈ ৰাষ্ট্ৰপতি পদক

কাৰবি আংলঙৰ তিনি আৰক্ষী কনিষ্টবললৈ ৰাষ্ট্ৰপতি পদক

314
0

গণবাৰ্তা বিশেষ,ডিফু, ২৫ জানুৱাৰীঃ কাইলৈ উদযাপিত হবলগীয়া ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কাৰবি আংলং জিলা আৰক্ষী প্ৰশাসনলৈ আহিছে এক সুখবৰ ! পাহাৰীয়া জিলাখনৰ বিভিন্ন আৰক্ষী থানা আৰু চকীত কৰ্মৰত তিনিজনকৈ ইউবি কণিষ্টবলৈ আগবঢ়োৱা হৈছে সন্মান জনক ৰাষ্ট্ৰপতি পদক৷ অসমৰ ১৬ গকীকীকৈ আৰক্ষীৰ লোকক এই বঁটাৰ বাবে নিৰ্বাচিত কৰী হৈছে৷ তাৰ ভিতৰত কাৰবি আংলং জিলাত কৰ্মৰত তিনিজনকৈ ইউবি কণিষ্টবল আছে৷ কণিষ্টবল সকল ক্ৰমে , মাঞ্জা থানাত কৰ্মৰত ইউবিচি নং ৩৬৯ মোজাম্মিল হক, লাহৰিজান পহৰা চকীত কৰ্মৰত ইউবিচি নং ৫৪৯ আৰু খটখটী থানাত কৰ্মৰত ইউবিচি নং, ৫৩৩ ৰঞ্জুমনি শইকীয়া৷ তিনিও  গৰাকী আৰক্ষী জোৱানে বিভিন্ন ক্ষেত্ৰত নিষ্ঠা আৰু কৰ্তব্য সহকাৰে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰাৰ বাবেই এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা বুলি জানিব পৰা গৈছে ৷ কাইলৈ উদযাপিত হব লগীয়া গণৰাজ্য দিৱসত এই বঁটা আনুষ্ঠানিক ভাবে প্ৰদান কৰা হব বুলি জানিব পৰা গৈছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here