Home অসম হোজাই বিন্নাকান্দি উন্নয়ন খণ্ডৰ আঁচনিৰ কাম প্ৰত্যক্ষ কৰি সৰৱ মন্ত্ৰী বিমাল বৰা...

হোজাই বিন্নাকান্দি উন্নয়ন খণ্ডৰ আঁচনিৰ কাম প্ৰত্যক্ষ কৰি সৰৱ মন্ত্ৰী বিমাল বৰা : একাংশ বিষয়া কৰ্মচাৰীৰ বাবেই বদনাম হৈছে চৰকাৰ

125
0


গণ বাৰ্তা, মোৰাঝাৰ, ডবকা, ২০ জানুৱাৰী: ডিমা হাছাওৰ হাফলঙত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠক শেষ কৰি আজি হঠাতে হোজাইৰ নীলবাগানত উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা৷ মন্ত্ৰীগৰাকীয়ে বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত নীলবাগান গাঁও পঞ্চায়তখনত হোৱা এমজি এনেৰেগা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ হোৱা ঘৰসমূহ পৰিদৰ্শন কৰে৷ লগতে স্থানীয় একাংশ লোকৰ লগত মত বিনিময় কৰি উন্নয়নমূলক কাম-কাজৰ লগতে, অৰুণোদয়, বৃদ্ধ পেঞ্চন আদি সন্দৰ্ভত বুজ লয়৷ ইয়াৰ মাজতে পঞ্চায়তখনত হোৱা উন্নয়নমূলক কাম-কাজ প্ৰত্যক্ষ কৰি মন্ত্ৰী বিমল বৰাৰ চকু কপালত উঠে৷ একপ্ৰকাৰ বিষয়াসকলৰ ওপৰত সৰৱ হৈ পৰে মন্ত্ৰীগৰাকী৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ হোৱা এটি ঘৰ দেখুৱাবলৈ লগত উপস্থিত থকা বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু অভিযন্তাক নিৰ্দেশ দিয়ে৷ সেইমৰ্মে তেওঁলোকে পঞ্চায়তখনত পিএমআই আঁচনিৰ অধীনত নিৰ্মাণ হোৱা এটি ঘৰ দেখুৱায়৷ ঘৰটো চাই মন্ত্ৰী অবাক হৈ পৰে, কিয়নো পিএমআইৰ অধীনত নিৰ্মাণ হোৱা ঘৰটোৰ নক্সাই সম্পূৰ্ণৰূপে সলনি কৰি পেলোৱা হৈছে৷ বিন্নাকান্দি উন্নয়ন খণ্ডত হোৱা উন্নয়নমূলক কাম-কাজক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷ সমূহ কামৰ তদন্ত কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক অৱগত কৰায়৷ মন্ত্ৰীৰ এই আকস্মিক ভ্ৰমণৰ সময়ত মন্ত্ৰী বিমল বৰাক সংগ দিয়ে বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শ্বেফালী চক্ৰৱৰ্তী, কনিষ্ঠ অভিযন্তা আলা উদ্দিন আহমেদকে প্ৰমুখ্য কৰি আন আন বিষয়াসকলে৷ ইপিনে, মন্ত্ৰীগৰাকীয়ে অনিয়মৰ কথা নিজমুখে স্বীকাৰ কৰাৰ পাছত বিন্নাকান্দি উন্নয়ন খণ্ডত সংঘটিত সকলো দুৰ্নীতি আৰু অনিয়মৰ তদন্ত বিচাৰিছে ডবকাৰ সচেতন ৰাইজৰ লগতে দল-সংগঠনে৷ দুৰ্নীতিকাৰীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ পূৰ্বে বাকী মেটেৰিয়েলছৰ বিল মোকলাই নিদিবলৈ মুখ্যমন্ত্ৰীক আহ৩ান জনাইছে ডবকাৰ সচেতন মহলে৷ বিন্নাকান্দি উন্নয়ন খণ্ডৰ ২৪খন গাঁও পঞ্চায়তৰ প্ৰায় প্ৰতিটো পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিসহ কোটি কোটি টকাৰ ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ আছে অনেক৷ শ শ মৃত ব্যক্তিৰ নামত জবকাৰ্ডৰ হতুৱাই ধন আত্মসাৎ কৰাৰ অভিযোগ আছে, মানুহৰ মৃত্যু হৈ বছৰ বছৰ ধৰি কবৰস্থান, শ্মাশানত বিলীন হৈছে ঠিকেই, কিন্তু ভয়ানকভাৱে একাংশ দালালৰ হতুৱাই একাংশ বিষয়া- কৰ্মচাৰী, জনপ্ৰতিনিধিসকলে মিলি মৃত হোৱা লোকৰ নামত থকা জবকাৰ্ডৰ জৰিয়তে বেংকৰ পৰা ধাৰাবাহিকভাৱে টকা উঠাই হজম কৰাৰ কথা চৰ্চা চলিছে সমষ্টিটোত৷ কেৱল সেয়াই নহয় জবকাৰ্ড হিতাধিকাৰী বহিঃৰাজ্যত বা বহিঃৰাষ্টাত কৰ্মৰত আন কোনোবা মহিলা শ্ৰমিক প্ৰসূতিৰ বাবে চিকিৎসালয়ত যদিও একাংশ দালালে কাম কৰা দেখুৱাই ব্লকৰ পৰা লুটিপুটি খাইছে কোটি কোটি টকা৷ এই ক্ষেত্ৰত হোজাই জিলা প্ৰশাসন, যমুনামুখ সমষ্টিৰ বিধায়ক, লোকসভাৰ সাংসদ, বিভাগীয় কতৃৰ্পক্ষই ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাত ডবকাৰ দল-সংগঠনৰ লগতে সচেতন মহলতে উদ্বেগ প্ৰকাশ কৰিছে৷ প্ৰতিটো পঞ্চায়তৰ দুৰ্নীতিৰ তদন্ত কৰিলে বহু ৰৌ-বৰালি জালত পৰাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে৷ এই ক্ষেত্ৰত দল-সংগঠনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here