Home Main Stories লক্ষাধিক ত্ৰিৰংগ পতাকা প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰী মোদীক আদিৰব দলীয় কৰ্মীয়ে : শান্তি আৰু...

লক্ষাধিক ত্ৰিৰংগ পতাকা প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰী মোদীক আদিৰব দলীয় কৰ্মীয়ে : শান্তি আৰু বিকাশৰ বতৰা লৈ কাৰ্বি পাহাৰত প্ৰধানমন্ত্ৰী

342
0


গণ বাৰ্তা বিশেষ, ডিফু, ২৭ এপ্ৰিল ঃ কাইলৈ শান্তি আৰু বিকাশৰ বতৰা লৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাট মহকুমাৰ লৰিনথেপীত বিশাল জনসভাত ভাষণ প্ৰদান কৰিব বিশ্বৰ জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ এই লৈ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যৌথ প্ৰচেষ্টাত লৰিনথেপীৰ ৭০০ বিঘাৰ বৃহৎ কৃষিভূমিত আটকধুনীয়া আৰু বৃহৎ পেণ্ডেল আৰু মঞ্চৰ লগতে অস্থায়ী হেলিপেড নিৰ্মাণ কৰি উলিয়াইছে কতৃৰ্পক্ষই৷ প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীৰ অহা বাটত বৃহৎ হ’ৰ্ডিং আঁৰি শোভা বৰ্ধন কৰা হৈছে৷ কেইবাসহস্ৰ যান-বাহনক মানুহ আনিবলৈ নিয়েজিত কৰা হৈছে৷ কাৰ্বি শান্তি চুক্তিৰ জৰিয়তে ছয় বিদ্ৰে¸াহী সংগঠন মূল সুঁতিলৈ ঘূৰি অহাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে শান্তিৰ বতৰা লৈ কাৰ্বি আংলঙত অহাৰ বাবে ৰাইজৰ মাজত উৎসুকতা বৃদ্ধি পাইছে৷ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ মন্ত্ৰীসকলে সঘনাই সভাস্থলী নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰি আহিছে৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সঘনাই সমাৰোহস্থলীত উপস্থিত থাকি সমাৰোহৰ তদাৰক কৰি অহা দেখিবলৈ পোৱা গৈছে ৷ তদুপৰি দুই মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু যোগেন মহন, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মোমিন, বিধায়ক ক্ৰমে বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ , কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, সদস্য সকল উপস্থিত থাকি প্ৰস্তুতিৰ তদাৰক কৰি আহিছে৷ তদুপৰি বিজেপি দলৰ নেতা-কৰ্মীসকলে গাঁৱে-ভূঞে গৈ ৰাইজক সমাৱেশৰ বাবে আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি কাইলৈ দিনৰ ১২ বজাত লৰিনথেপীত উপস্থিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এঘণ্টা সময় লৰিনথেপীত কটাই ৰাইজক সম্বোধি ভাষণ প্ৰদান কৰাৰ লগতে কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰিব বুলি জানিব পৰা গৈছে৷ প্ৰধানমন্ত্ৰীগৰাকীক কাইলৈ সমাৰোহস্থলীত আদৰণি জনাবলৈ বিশেষ পৰিকল্পনা হাতত লোৱা হৈছে বুলি জানিব পৰা গৈছে৷ প্ৰধানমন্ত্ৰীগৰাকী লৰিনথেপীত উপস্থিত হোৱাৰ লগে লগে লক্ষাধিক ত্ৰিৰংগা পতাকাৰে অভিবাদন জ্ঞাপন কৰাৰ লগতে ইয়াৰ জৰিয়তে এক অভিলেখ ৰচনা কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে৷ তদুপৰি প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে পাঁচ মিনিট সময়জুৰি ‘‘মোদী’’, ‘মোদী’ ধবনিৰে প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে৷ আনহাতে, প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ এক বৃহৎ জনগোষ্ঠীয় শিল্পীদল সাজু কৰি তোলা হৈছে বুলি জানিব পৰা গৈছে৷ অসমীয়া, কাৰ্বি, টাই আহোম, ডিমাচা, বড়ো, ৰেংমা নাগা, আদিবাসীকে ধৰি জিলাখনত বসবাস কৰি থকা সকলো জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে প্ৰধানমন্ত্ৰীগৰাকীক সভাস্থলীলৈ অহাৰ বাটত নিজ নিজ সংস্কৃতি প্ৰদৰ্শনেৰে আদৰণি জনাব৷ ইতিমধ্যে সমাৱেশস্থলীত উপস্থিত হোৱা সাংস্কৃতিক দলসমূহে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ আনহাতে বিগত কেইবাদিন ধৰি সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগতে সমাৰোহ থলীৰ চৌদিশে নিশ্ছিদ্ৰ আৰু কট্‌কটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here